গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: অসমৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে আজি শোণিতপুৰৰ ঔদ্যোগিক ক্ষেত্ৰত নতুন সংযোজন চতিয়াৰ দীঘলী চাপৰিত নিৰ্মাণ হ'বলগীয়া ঔদ্যোগিক উদ্যান আৰু চতিয়া ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠান (ITI)ৰ আধাৰশিলা স্থাপন কৰে তদুপৰি মুখ্যমন্ত্ৰীয়ে 'মহিলা সমাৰোহ ২০২১'ত অংশগ্ৰহণ কৰে ৷
মুখ্যমন্ত্ৰীয়ে জিলাখনত জীৱিকা সখীসকলক আনুষ্ঠানিকভাৱে দুচকীয়া বাহন, বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহলৈ ৫০ হাজাৰ টকাকৈ ৰাজসাহায্য, কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত ২৫ হাজাৰ টকাকৈ ঘূর্ণীয়মান পুঁজি, সমূহীয়া বিনিয়োগ পূঁজিৰ অধীনত ৫০ হাজাৰ টকাকৈ ঘূর্ণীয়মান পুঁজি প্ৰদান কৰে ।
মুখ্যমন্ত্ৰীয়ে জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ দুগ্ধ উৎপাদন গোটত উপস্থিত হৈ সাংসদ পল্লৱ লোচন দাস, বিধায়ক পদ্ম হাজৰিকাৰ সৈতে দুগ্ধ উৎপাদন গোটটো পৰিদৰ্শন কৰে আৰু বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত এই উৎপাদন গোটৰ জৰিয়তে বহু শিক্ষিত যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে বুলি মন্তব্য কৰে ৷
মুখ্যমন্ত্ৰীয়ে জামুগুৰিহাটৰ পৱিত্ৰ পাঞ্চজন্য ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসমৰ সাংস্কৃতিক সমন্বয় যাত্ৰাৰ লগতে ৰাজ্যিক যুৱ আৰু শোণিতপুৰ জিলা আই মাতৃ সমাৰোহত ভক্তিপ্ৰাণ ৰাইজৰ মাজত উপস্থিত থাকি মন্তব্য কৰি কয় –“গুৰুজনাৰ মহান আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক চেতনাক আদৰ্শ হিচাপে লৈ সমন্বয় আৰু ভাতৃত্ববোধৰ এখন শক্তিশালী সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনালোঁ। আজি ভকত-বৈষ্ণৱসকলৰ সৈতে একেলগে প্ৰসাদ গ্ৰহণ কৰি পৰম তৃপ্তি লভিছোঁ।“
মুখ্যমন্ত্ৰীয়ে বিশ্বশান্তিৰ বাবে সৰ্থেবাৰীৰ নসত্ৰত আয়োজিত সাদিনীয়া কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তনৰ ধৰ্মালোচনী সভাত উপস্থিত থাকে ৷
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয় –“য'ত ভকতসৱৰ মিলন হয়, তাতেই গুৰুক পোৱা যায়। আজি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, ভক্তি মাতৃ আই তথা ভক্তিপ্ৰাণ ৰাইজৰ সৈতে পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰক স্মৰণ কৰি সমাজৰ শান্তি, সমৃদ্ধি আৰু সৰ্বাংগীণ উত্তৰণ কামনা কৰিলোঁ ৷”
Comments