তিনিচুকীয়া: ২৫ ফেব্ৰুৱাৰী: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ যৌথ উদ্যোগত তিনিচুকীয়া জিলাৰ ইটাখুলি উন্নয়ন খণ্ডৰ ইটাখুলি ৰঙ্গমঞ্চত আজি মহিলা সমাৰোহ আয়োজিত হয়।বিস্তাৰিত কনকলতা মহিলা সৱলীকৰণৰ আঁচনিৰ অধীনত মহিলা আত্ম সহায়ক গোটক আৰ্থিক ৰাজ সাহায্য প্ৰদান কৰা আৰু জীৱিকা সখী সকলক এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুতি বিতৰণ কৰাৰ উদ্দেশ্যে এই মহিলা সমাৰোহ আয়োজন কৰে।মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে তিনিচুকীয়াৰ বিধায়ক তথা অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে অংশ গ্ৰহণ কৰে। মন্ত্ৰী গৰাকীক ঝুমুৰ গীতে মাতে আদৰি নিয়ে। অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক দীপাংকৰ বৰুৱা আৰু নৱজ্যোতি ভৰালী, তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সাৰংগ পাণি শৰ্মা আদি উপস্থিত আছিল।
ইফালে জিলা দুখনৰ ৫১৩৫ টা মহিলা আত্মসহায়ক গোটক আৰু ২৯৪ গৰাকী জীৱিকা সখিক স্কুতি বিতৰণ কৰা হব বুলি আজিৰ অনুষ্ঠানত ঘোষণা কৰে। অৱশ্যে আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ নামমাত্ৰ দহটা আত্মসহায়ক গোটক আৰ্থিক ৰাজ সাহায্যৰ চেক বিতৰণ কৰাৰ বিপৰীতে দুখনকৈ জিলাৰ মাত্ৰ ছয় গৰাকী জীৱিকা সখিক স্কুতি বিতৰণ কৰে। উল্লেখযোগ্য যে, বহু পূৰ্বেই জীৱিকা সখী সকলৰ বাবে স্কুতি মুকলি কৰি দিয়া বুলি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেই স্কুতি জীৱিকা সখী সকলক দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ছয় গৰাকী জীৱিকা সখিক স্কুতি আনুষ্ঠানিক ভাৱে বিতৰণ কৰাৰ বাহিৰে বাকীসকল জীৱিকা সখিক কেতিয়া বা কেনেকৈ স্কুতি প্ৰদান বা বিতৰণ কৰিব সেয়া স্পষ্ট কৰি নিদিয়াৰ বাবে বিমোৰত পৰে। আনকি বহু আত্ম সহায়ক গোটো এইক্ষেত্ৰত অৱগত নহয় বুলিহে অভিযোগ উত্থাপন কৰিছে। বিষয়টোৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক স্পষ্ট কৰি দিবলৈ একাংশ জীৱিকা সখী আৰু আত্ম সহায়ক গোটে আহ্বান জনাইছে। মহিলা সমাৰোহত জিলা দুখনৰ তিনি হস্ৰাধিক মহিলাই অংশ গ্ৰহণ কৰে।
Comments