Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

শিৱসাগৰৰ আলিছিগা গাঁওক আদর্শ গাঁও হিচাপে উন্নীতকৰণৰ : সাংসদ তপন কুমাৰ গগৈৰ দ্বাৰা নিৰ্মাণকাৰ্য্য সমূহৰ শুভাৰম্ভ


Published on February 25, 2021 | News Source: জনমভূমি নিউজডেস্ক
Share This Page
Related Stories

শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈৰ দ্বাৰা অসম দৰ্শন আঁচনিৰ অধীনত বিভিন্ন অনুষ্ঠানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ


Published on February 17, 2021|News Source : জনমভূমি সংবাদ

 

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী: যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ অধীনত বিধায়ক এলেকা উন্নয়ন পুঁজি আৰু অসম দৰ্শন আঁচনিৰ অধীনত বিভিন্ন অনুষ্ঠানৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত আজি ১ নং চাউলকৰা গাঁও বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত এখন সভাত সাংসদ গৰাকীয়ে নিৰ্মাণ কাৰ্য্য শুভাৰম্ভ কৰা অনুষ্ঠান সমূহ হ'ল ২.৫ লাখ টকা ব্যয়েৰে ১ নং চাউলকৰা গাঁও বৰনামঘৰ, ৫ লাখ টকা ব্যয়েৰে শান্তিপূৰ হাইস্কুল প্ৰেক্ষাগৃহ, ১.৫ লাখ টকা ব্যয়েৰে ন-কটানি হাইস্কুল চাৰিবেৰা নিৰ্মাণ আৰু ২.৫ লাখ টকাকৈ ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া চিৰিপুৰীয়া নামঘৰ, সাউদৰ গাঁও নামঘৰ, তাঁতি পথাৰ ৰংগমঞ্চ, পানীতোলা বৰনামঘৰ, কৃষ্টি বিকাশ সমাজ আৰু বলিয়াঘাট মাজগাওঁ বৰনামঘৰ। একে অনুষ্ঠানতে সাংসদ গৰাকীয়ে ৰাজ্য চৰকাৰৰ "অসম দৰ্শন" আঁচনিৰ অধীনত ১০ লাখ টকাকৈ ব্যয়েৰে অতিথিশালা নিৰ্মাণৰ শুভাৰম্ভ কৰা সত্ৰ সমূহ হ'ল: কোঁৱৰপুৰ চুপহা সত্ৰ, সাউদকুচি সত্ৰ, কোৰেখনা গজালা সত্ৰ আৰু ন-কটানি টকৌবাৰী সত্ৰ।

কাঠপাৰ ৰংগমঞ্চ প্ৰাংগণত অনুষ্ঠিত আন এখন সভাত সাংসদ গৰাকীয়ে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত ২.৫ লাখ টকাকৈ ব্যয়েৰে মুঠ ১০ খন অনুষ্ঠানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠান কেইখন হ'ল: কাঠপাৰ ৰংগমঞ্চ, জেইলগাঁও জ্ঞানদীপ ক্লাবঘৰ গৃহ, জয়ৰাপাৰ সাংস্কৃতিক কেন্দ্ৰ, জয়ৰাপাৰ নৱৰূপ যুৱ সংস্থাৰ শৰীৰ চর্চা কেন্দ্ৰ, বানমুখ চুতীয়া গাঁৱ প্ৰেক্ষাগৃহ, বাঢ়ৈটিং চাপৰিগাঁও ৰংগমঞ্চ, দীঘল দৰিয়লী ৰংগমঞ্চ, গড়ভঙা মুৰংঘৰ, কোৱামৰা সন্দিকৈ নামঘৰ আৰু দুনীয়ামুখ বৰনামঘৰ।

বিধায়ক এলেকা উন্নয়ন পুঁজি আৰু অসম দৰ্শনৰ অধীনত নিৰ্মাণ কাৰ্য্যসমূহৰ শুভাৰম্ভ কৰি সাংসদ গৰাকীয়ে আজি গৌৰীসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ উপৰিও গৌৰীসাগৰতে প্ৰায় ৩৭ লাখ টকা ব্যয়েৰে নিৰ্মান হ'বলগীয়া চিলাৰায় উদ্যানৰ আধাৰশিলা স্থাপন কৰা বুলি অৱগত কৰি আজিৰ দিনটো তেওঁৰ বাবে এক উল্লেখনীয় দিন বুলি অভিহিত কৰে।

তেওঁ শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰয়াত বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰে। সাংসদ গৰাকীয়ে অৱগত কৰে যে, শ্ৰী গগৈৰ দেহাৱসানৰ পৰিপ্ৰেক্ষিতত উন্নয়নৰ স্বাৰ্থত অসম চৰকাৰে তেওঁক সমষ্টিৰ দায়িত্ব প্ৰদান কৰিছে। 

নিজ বক্তব্যত সাংসদ গৰাকীয়ে অসম চৰকাৰৰ জনকল্যাণকামী আঁচনি সমূহৰ বিষয়ে এক অৱলোকন দাঙি ধৰে। তেওঁ কয় যে, অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে কাম কৰি আহিছে। সমাজৰ শেষৰজন ব্যক্তিয়েও যাতে চৰকাৰী আঁচনিৰ সুফল লাভ কৰে তাৰ প্ৰতি চৰকাৰৰ লক্ষ্য সদায় নিবিষ্ট বুলি তেওঁ উল্লেখ কৰে। শিৱসাগৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ প্ৰতি ৰাইজৰ পূৰ্ণ সহযোগিতা আহ্বান কৰি তেওঁ কয় যে, অসমৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত শিৱসাগৰক জিলিকাই তোলা  হ'ব।

কেন্দ্ৰ চৰকাৰে শিৱসাগৰক আইকনিক চাইট ঘোষণা কৰি ৫০০ কোটি টকা বাজেটত ধার্য কৰাটো জিলাখনৰ বাবে এক সুখৰ বতৰা বুলি মত প্ৰকাশ কৰে। শিৱসাগৰক বিশ্বৰ পৰ্যটন মানচিত্ৰত এক উল্লেখনীয় স্থান প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলিও সাংসদ গৰাকীয়ে উল্লেখ কৰে। তেওঁ তলাতল ঘৰ প্ৰাংগণত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সংযোজনেৰে লাইট এণ্ড চাউণ্ড শ্বো আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি অৱগত কৰাৰ লগতে স্বৰ্গদেউ ৰুদ্ৰসিংহই স্থাপন কৰা ঐতিসাহিক পহুগড়ৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি জনায়।

সাংসদ গৰাকীয়ে সত্ৰ কেইখনৰ অতিথিশালা নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি কয় যে, অসম চৰকাৰে "অসম দৰ্শন" আঁচনিৰ জৰিয়তে প্ৰাচীন মঠ- মন্দিৰ, দৌল-দেৱালয়, সত্ৰ- নামঘৰ আদিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ সত্ৰ সমূহৰ উন্নয়ন সাধনৰ মাধ্যমেৰে পৰ্যটকৰ বাবে এই সমূহক আকৰ্ষণীয় কৰি তোলাৰ পোষকতা কৰে। সাংসদ গৰাকীয়ে পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে আঁচনি সমূহৰ কাম-কাজ সমূহৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ আহ্বান জনায়।

পৰৱৰ্তী কাৰ্যসূচীত সাংসদ গগৈয়ে বানমুখ চেতীয়াগাৱঁত অৱস্থিত অসম দৰ্শনৰ ১০ লাখ টকা ব্যয়েৰে নিৰ্মিত চুপহা সত্ৰৰ অতিথিশালা আনুষ্ঠানিকভাৱে মুকলি কৰে। নৱনির্মিত সত্ৰৰ অতিথিশালা খনত বাহিৰৰ পৰা অহা ভকত-বৈষ্ণৱ সকলে থকাৰ সু-ব্যৱস্থা লাভ কৰি বুলিও তেওঁ মন্তব্য কৰে।

আজিৰ অনুষ্ঠানসমূহত শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গীতামণি বৰগোঁহাই, বিশিষ্ট সমাজকৰ্মী ভবেন মহন আৰু বিজিত গগৈৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
 

শিৱসাগৰত ৯ খন গাঁও পঞ্চায়তত পঞ্চাদশ বিত্তীয় আয়োগৰ আঁচনি সমূহৰ কামৰ শুভাৰম্ভ


Published on February 22, 2021|News Source : জনমভূমি সংবাদ

শিৱসাগৰ, ২১ ফেব্ৰুৱাৰী: যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে যোৱাকালি এক অনুষ্ঠানত  ২০২০-২১ বিত্তীয় বর্ষৰ পঞ্চাদশ বিত্তীয় আয়োগৰ নিৰ্ধাৰিত আৰু অনিৰ্ধাৰিত পুঁজিৰ অধীনত ৯ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

পঞ্চাদশ বিত্তীয় আয়োগৰ অধীনত মুঠ ১,২২,২৩,৭৮৮ টকাৰ নিৰ্ধাৰিত পুঁজি আৰু মুঠ ১,২২,২৩,৭৮৮ টকাৰ অনিৰ্ধাৰিত পুঁজিৰ দ্বাৰা বিভিন্ন কাম আৰম্ভ কৰা গাঁও পঞ্চায়ত সমূহ হ'ল: নগৰমহল গাঁও পঞ্চায়ত, চাউলকৰা গাঁও পঞ্চায়ত, কোঁৱৰপুৰ গাঁও পঞ্চায়ত, শান্তিপুৰ গাঁও পঞ্চায়ত, পানবেচা গাঁও পঞ্চায়ত, দিচাংমুখ গাঁও পঞ্চায়ত, বানমুখ গাঁও পঞ্চায়ত, দিচাং ধাইআলি গাঁও পঞ্চায়ত আৰু দিচাংপাৰ গাঁও পঞ্চায়ত।

পঞ্চাদশ বিত্তীয় আয়োগৰ অধীনত ৯ খন গাঁও পঞ্চায়তৰ অধীনত বিভিন্ন কাম-কাজৰ শুভাৰম্ভ কৰি সাংসদ গৰাকীয়ে কয় যে, তৃণমূল পৰ্য্যায়ত সাধাৰণ ৰাইজে যাতে চৰকাৰী আঁচনি সমূহৰ সুফল প্ৰত্যক্ষভাৱে লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাধ্যমেৰে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। "গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ বদ্ধপৰিকৰ" বুলি উল্লেখ কৰি তেওঁ সমাজৰ প্ৰতিটো স্থৰৰ ৰাইজৰ সম-উন্নয়নৰ বাবে সাধাৰণ ৰাইজৰ লগতে পঞ্চায়তী ৰাজৰ লগত জড়িত জন-প্ৰতিনিধি সকলৰ পূৰ্ণ সহযোগিতা কামনা কৰে।

ভাষণ প্ৰসংগত সাংসদ গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন জনহিতৈষী আৰু জনকল্যাণকামী আঁচনিৰ বিষয়ে এক আভাষ দাঙি ধৰে। সাংসদ গৰাকীয়ে পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে আঁচনি সমূহৰ কাম-কাজৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে, অসমৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত শিৱসাগৰক জিলিকাই তোলা  হ'ব। কেন্দ্ৰ চৰকাৰে শিৱসাগৰক আইকনিক চাইট ঘোষণা কৰি ৫০০ কোটি টকা বাজেটত ধার্য কৰাটো জিলাখনৰ বাবে এক সুখৰ বতৰা বুলি মত প্ৰকাশ কৰে। শিৱসাগৰক বিশ্বৰ পৰ্যটন মানচিত্ৰত এক উল্লেখনীয় স্থান প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলিও সাংসদ গৰাকীয়ে উল্লেখ কৰে

সাংসদ গৰাকীয়ে উল্লেখ কৰে যে, গাঁও পঞ্চায়ত সমূহৰ লগতে পঞ্চাদশ বিত্তীয় আয়োগৰ অধীনত এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য-সদস্যা সকলে আঁচনি গ্ৰহণ কৰিবলৈ সুকীয়াকৈ পুঁজি আবন্টনৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে।

সাংসদ গৰাকীয়ে গাঁও পঞ্চায়ত সমূহৰ বিষয়-ববীয়া সকলক উত্তৰ পুৰুষৰ বাবে যুগান্তকাৰী তথা চিৰযুগমীয়া আঁচনি গ্ৰহণ কৰাৰ মাধ্যমেৰে এখন সুস্থ, প্ৰগতিশীল আৰু শক্তিশালী সমাজৰ ভেঁটি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানসমূহত শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গীতামণি বৰগোঁহাই, বিশিষ্ট সমাজকৰ্মী ভবেন মহন, সুৰভি ৰাজকুঁৱৰী, বিতোপন ৰাইদঙীয়া আৰু মানস সন্দিকৈৰ লগতে ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

 

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account