শিৱসাগৰ, ২৫ ফেব্ৰুৱাৰী: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত আৰু বিদ্যাপীঠ এডুকেশ্যন ট্ৰাষ্টৰ সৌজন্যত যোৱা ২৪ ফেব্ৰুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এক কাৰিকৰী দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ।
ৰাজ্যখনৰ কৰ্মসংস্থাপনহীন ১৮ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক- যুৱতী সকলক চিলাই মেচিনৰ বিনামূলীয়া কাৰিকৰী প্ৰশিক্ষণ দি ইয়াৰ জড়িয়তে আত্মসংস্থাপন প্ৰদানৰ কৰাৰ সুবিধা থকা এই প্ৰশিক্ষণ কেন্দ্ৰত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ গৰাকী যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। কেন্দ্ৰটো শুভ উদ্বোধন কৰি দিয়া ভাষণত সাংসদ গগৈয়ে দক্ষতা থাকিলে কতো সংস্থাপনৰ অভাৱ নাথাকে বুলি দোহাৰে।
উলেখ্য যে, বহু সংখ্যক নিবনুৱা যুৱক যুৱতী তথা ৰাইজ উপস্থিত থকা অনুষ্ঠানত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক ধ্ৰুৱজ্যোতি গগৈ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শিৱসাগৰ জিলাৰ জিলা প্ৰকল্প প্ৰবন্ধক ডাঃ সুৰজ জ্যোতি গগৈ, দক্ষতা বিকাশ কেন্দ্ৰৰ পৰিচালন সঞ্চালক সুৰেশ টায়েল, ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰকল্প বিষয়া প্ৰমোদ বুঢ়াগোহাঁই, সোনাৰী উন্নয়ন খণ্ডৰ খণ্ড প্ৰকপ্ল প্ৰবন্ধক ৰঞ্জন দুৱৰাকে ধৰি ভালে সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
Comments