গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ, ২৭ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে ভাৰতীয় পুতলা মেলা ২০২১ মুকলি কৰিব৷
এই মেলাখন ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চ ২০২১ তাৰিখলৈ অনুষ্ঠিত হ’ব৷ ইয়াৰ জৰিয়তে ক্ৰেতা, বিক্ৰেতা, শিক্ষাৰ্থী, শিক্ষক, ডিজাইনাৰকে ধৰি সকলো ষ্টেকহ’ল্ডাৰক একেখন ভাৰ্চুৱেল প্লেটফ’ৰ্মত একত্ৰিত কৰাৰ প্ৰয়াস কৰা হৈছে৷
৩০ খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ পৰা ১০০০তকৈও অধিক প্ৰদৰ্শনকাৰীয়ে তেওঁলোকৰ সামগ্ৰীসমূহ এই ভাৰ্চুৱেল প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিব৷
২০২০চনৰ আগষ্ট মাহত ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে শিশুৰ মনস্তত্বত পুতলাই এক উল্লেখযোগ্য ভূমিকা পালন কৰাৰ লগতে শিশুৰ জ্ঞানীয় বিকাশৰো উত্তৰণ কৰে বুলি উল্লেখ কৰি শিশুৰ সামূহিক বিকাশত পুতলাৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰততে পুতলা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিছিল৷
প্ৰধানমন্ত্ৰীৰ সেই বীক্ষণ বাস্তৱায়িত কৰাৰ বাবে ভাৰতীয় পুতলা মেলা ২০২১ৰ আয়োজন কৰিবলৈ ওলোৱা হৈছে৷
Comments