Classifieds
View All
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে শুক্ৰবাৰে কয় যে পেট্ৰলিয়ামজাত সামগ্ৰীৰ মূল্য শীতকাল আঁতৰাৰ লগে লগে লাহে লাহে কমিবলৈ ধৰিব ৷
মন্ত্ৰীজনে কয় –“এয়া এক আন্তৰাষ্ট্ৰীয় কথা, চাহিদা বৃদ্ধি হোৱাৰ ফলত মূল্যবৃদ্ধি হৈছে আৰু শীতকালত এয়া হয় ৷ শীতকাল শেষ হোৱাৰ পিছত এয়া লাহে লাহে কমিবলৈ ধৰিব ৷”
অসমৰ কথা উল্লেখ কৰি মন্ত্ৰীজনে কয় যে প্ৰথমটো তেলৰ খাদ ডিগবৈ আৰু দুলীয়াজানত উদ্ধাৰ কৰা হৈছিল ৷ দেশৰ ১৮% তেলৰ উংস হ’ল উত্তৰ পূর্বাঞ্চল ৷নৰেন্দ্ৰ মোদী চৰকাৰে এই অঞ্চলৰ উন্নয়ন কৰিবলৈ চেষ্টা কৰি আহিছে ৷
Comments