গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: বিতর্কিত বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখযোগ্য যে এইগৰাকী বিজেপি নেত্রীয়ে কাকপথাৰ থানাত তাণ্ডৱ চলোৱা ঘটনাক লৈ ব্যাপক চর্চা হৈছিল৷ বিজেপিৰ প্ৰভাৱত কৰ্তব্যৰত আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰা এইগৰাকী মহিলাৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ঘটনা সন্দৰ্ভত কাকপথাৰ থানাত ৰুজু হৈছিল গোচৰ।
অলপতে দীপাঞ্জলি কাকতিক মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ সদস্যৰ দায়িত্বত প্ৰদান কৰাৰ পিছত পুনৰ এবাৰ প্ৰতিক্ৰিয়াৰ সষ্টি হৈছিল ৷
উল্লেখ্য যে যোৱা ১৬ নবেম্বৰত শদিয়াৰ বিজেপি নেত্রী দীপাঞ্জলি কাকতীক তৎকালে প্রযোজ্য হোৱাকৈ দলৰ পৰা নিলম্বন কৰিছে৷ দীপাঞ্জলি কাকতীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন নোহোৱা পর্যন্ত কার্যকৰী হোৱাকৈ দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে আজি নিলম্বনৰ নির্দেশ প্ৰদান কৰিছিল ৷
Comments