Classifieds
View All
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: মহাৰাষ্ট্ৰত ক’ভিড ১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআায়ে ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া আগন্তুক এদিনীয়া শৃংখলা পুনেৰ পৰা স্থানান্তৰৰ চিন্তা-চৰ্চা কৰাৰ খবৰ লাভ কৰা গৈছে ৷
উল্লেখ্য যে তিনিখন মেচৰ এদিনীয়া শৃংখলাটো পুনেৰ এম চি এ ষ্টেডিয়ামত অহা ২৩ৰ পৰা ২৮ মার্চৰ ভিতৰত অনুষ্ঠিত হ’ব ৷
কিন্তু মুম্বাই আৰু পুনেকে ধৰি সমগ্ৰ মহাৰাষ্ট্ৰত ক’ভিডৰ সংক্ৰমণ এইপর্যন্ত হ্ৰাস নোপোৱাত বি চি চি আয়ে এদিনীয়াৰ বাবে বিকল্প স্থানৰ সন্ধান কৰিছে৷
যদি পৰিস্থিতি একেই থাকে তেন্তে আই পি এলৰ মেচো মুম্বাই আৰু পুনেৰ বাহিৰত আয়োজনৰ চিন্তা-চৰ্চা কৰিছে বিচিচিআায়ে ৷
Comments