Classifieds
View All
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: অন্ধ্ৰ প্ৰদেশত নিজৰ ১৬ বছৰীয়া কন্যাৰ চিকিৎসাৰ খৰচ উলিয়াব বাবে এজন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিয়ে এজন ৪৬ বছৰীয়া ব্যক্তিৰ হাতত বিক্ৰী কৰিলে নিজৰ ১২ বছৰীয়া কন্যাক ৷
প্ৰাপ্ত খবৰ অনুসৰি ১২ বছৰীয়া কন্যাক মাত্ৰ ১০ হাজাৰ টকাৰ বিনিময়ত চিন্না সোভাইহ নামৰ ব্যক্তি এজনৰ হাতত বিক্ৰী কৰে যাৰ পিছত যোৱা বুধবাৰে ব্যক্তিজনে ছোৱালীজনীক বিয়া কৰাই লয় ৷
তাৰ এদিনৰ পিছত ব্যক্তিজনৰ ঘৰত ছোৱালীৰ কান্দোনৰ শব্দ শুনি চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী আৰু জিলাৰ শিশু কল্যাণ বিভাগে ছোৱালী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ পঞ্জীয়ণ কৰি তদন্ত আৰম্ভ কৰিছে ৷
Comments