গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: আজি অসমত সমগ্ৰ ৰাজ্যত পালন কৰা হৈ আছে বীৰ চিলাৰায় দিৱস ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ চিলাৰায় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় – “ পৰাক্ৰমী বীৰযোদ্ধা, মহান কোচ সেনাপতি চিলাৰায়ৰ অতুলনীয় স্বদেশপ্ৰেম, দূৰদৰ্শিতা আৰু বীৰত্ব ইতিহাসৰ সোণালী অধ্যায় হৈ জিলিকি আছে আৰু চিৰদিন থাকিব। বীৰ চিলাৰায়ৰ বীৰত্বৰ কাহিনীয়ে বৃহত্তৰ অসমীয়া জাতিক সকলো প্ৰত্যাহ্বান নেওচি সাহসেৰে আগুৱাই যাবলৈ সদায়েই উদ্বুদ্ধ কৰি যাব ৷”
চিলাৰায়ৰ প্ৰকৃততে নাম আছিল শুক্লধ্বজ। পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ।বীৰ চিলাৰাই নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক বহুতে চিলাৰায় দেৱান বুলিছিল।
তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।
Comments