Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৭ ফেব্ৰুৱাৰী:শেহতীয়াকৈ দেশৰ বহু কেইখন ৰাজ্যত পুনৰ কৰ’নাই ভয়াৱহ ৰূপত মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে।অসমতেো কৰ’নাত নিতৌ বহু লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।এতিয়াৰে পৰা অসমৰ ৰেল ষ্টেশ্যন, বিমান বন্দৰত পুনৰ কৰা হব ক’ভিড পৰীক্ষা।স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এক বিশেষ নিৰ্দেশনা।
এই নিৰ্দেশনাৰ জৰিয়তে যোৱা ১ মাৰ্চৰ পৰা ক’ভিড পৰীক্ষা ৰেহাই দিয়াৰ পূৰ্বৰ নিৰ্দেশ স্বাস্থ্য বিভাগে প্ৰত্যাহাৰ কৰিছে।১ মাৰ্চৰ পৰা অসমৰ ৰে’ল ষ্টেছন আৰু বিমান বন্দৰসমূহত কৰ’নাৰ পৰীক্ষা বন্ধ কৰা হ’ব বুলি ৰাজ্য চৰকাৰে পূৰ্বে জাননী জাৰি কৰিছিল যদিও সেই জাননী বাতিল কৰি ৰে’ল ষ্টেছন আৰু বিমান বন্দৰত কোভিডৰ পৰীক্ষা কৰোৱাব লাগিব বুলি নতুনকৈ জাননী জাৰি কৰিছে।
Comments