প্ৰণৱজ্যোতি দত্ত,২৭ ফেব্ৰুৱাৰী:কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কালি নতুন দিল্লীত আয়োজন কৰা সংবাদমেলত অসমত তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে।অসমত ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।৪৭ টা সমষ্টিত হ’ব প্ৰথম পৰ্যায়ৰ নিবাচন।১ এপ্ৰিলত ৩৯ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিবাচন আৰু ৬ এপ্ৰিলত ৪০ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
আপোনাৰ সমষ্টিত কেতিয়া হ’ব ভোটগ্ৰহণ?
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন (২৭ মাৰ্চ)---ঢেকীয়াজুলি, বৰচলা, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নী, আমগুৰি, থাওৰা, শিৱসাগৰৰ, নাজিৰা, মাহমৰা, সোণাৰি, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান,তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, বিহপুৰীয়া, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, মাজুলী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন (১ এপ্ৰিল)---ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ-পূব, কৰিমগঞ্জ-দক্ষিণ, বোকাজান, ডিফু, বৈঠলাংছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ, দলগাঁও, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ঢলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, জাগীৰোড, মৰিগাঁও, লাহৰিঘাট, ৰহা, নগাওঁ, বৰহমপুৰ, যমুনামুখ, হোজাই, লামডিং।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (৬ এপ্ৰিল)---মানকাচৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, ভৱানীপুৰ, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, সৰভোগ, বৰপেটা, জনিয়া, বাঘবৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোসাইগাঁও, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ,দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্ৰী।
Comments