প্ৰণৱজ্যোতি দত্ত,২৭ ফেব্ৰুৱাৰী:ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ ৩৮ বৰ্ষীয় ইউচুফ পাঠানৰ অৱসৰ ঘোষণা।সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে খেলুৱৈগৰাকীয়ে।আই চি চি য়ে টুইট যোগে সদৰি কৰিছে এই খবৰ।টুইটাৰ যোগে খেলুৱৈ গৰাকীয়েও নিজৰ অৱসৰৰ কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে ২০০৭ চনৰ টি২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়া বিজয়ী হোৱাত ইউচুফ পাঠানে অন্যতম অৰিহণা আগবঢ়াইছিল।বেটিঙৰ লগতে স্পীনাৰ হিচাপেও আছে ইউচুফ খানৰ দক্ষতা।
ইফচুফ খানৰ কেৰিয়াৰত ৫৭ খন এদিনীয়া মেচ খেলি দুটা শতক আৰু তিনিটা অৰ্ধশতকসহ ৮১০ ৰাণ সংগ্ৰহ।সোঁহতীয়া বেটছমেনজনৰ ষ্ট্ৰাইক ৰেট হৈছে ১১৩.৬০।বেটিঙৰ উপৰিও বলাৰ হিচাপে তেওঁ এদিনীয়া ক্ৰিকেটত সংগ্ৰহ কৰিছিল ৩৩টা উইকেট।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ উপৰিও তেওঁ আইপিএলত ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চানৰাইজাৰ্ছ হাইদৰাবাদৰ হৈ খেলি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল।
Comments