গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: কংগ্ৰেছৰ জেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সমালোচনা কৰি কয়- “বিভিন্ন প্ৰতিষ্ঠানৰ মাজত এখন দেশত ভাৰসাম্য বর্তি থাকে ৷ যদিহে এই ভাৰসাম্যত কোনোবাই সমস্যাৰ সৃষ্টি কৰে তেন্তে দেশত সমস্যাৰ সৃষ্টি হয় ৷ লোকসভা, বিধানসভা, পঞ্চায়ত আদিবোৰ প্ৰতিষ্ঠানক দেশৰ জনসাধাৰণে ভোটদান কৰি নিৰ্বাচিত কৰে ৷ দেশত ন্যায় ব্যৱস্থা আছে, মুক্ত সংবাদ মাধ্যম আছে ৷ এই প্ৰতিষ্ঠানসমূহে দেশক এক কৰি ৰাখে ৷ যোৱা ৬টা বছৰৰ পৰা আমি দেখি আহিছোঁ যে এই প্ৰতিষ্ঠান সমূহত আক্ৰমণ কৰা হৈ আছে ৷ গণতন্ত্ৰক লাহে লাহে হত্যা কৰা হয় আৰু মই সকলোকে দুখেৰে কও য ভাৰতত গণতন্ত্ৰক হত্যা কৰা হৈছে ৷ ভাৰতবৰ্ষত আৰু গণতন্ত্ৰ নাই ৷ ইয়াৰ কাৰণ মাত্ৰ এটা অনুষ্ঠান সেয়া হ’ল আৰ.আৰ.এছ. ৷ বৃহৎ ধনৰাশিৰ সৈতে আৰ.আৰ.এছে আমাৰ প্ৰতিষ্ঠান সমূহত সমস্যা সৃষ্টি কৰি আহিছে লগতে ইয়াক ধ্বংস কৰি আহিছে ৷”
ৰাহুল গান্ধীয়ে কয়-“ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ অপব্যৱহাৰ কৰা হৈ আছে, মানুহক হত্যা কৰা হৈছে, ভাবুকি প্ৰদান কৰা হৈছে ৷ আমি সকলোৱে জানোঁ যে ভাৰতবর্ষ হ’ল ৰাজ্যসমূহৰ সংহতি ৷ যেতিয়া প্ৰতিষ্ঠান সমূহৰ ভাৰসাম্য বিনষ্ট কৰিবলৈ চেষ্টা কৰিব তেতিয়া ৰাজ্যসমূহৰ মাজত থকা সন্ধি স্থাপনৰ ব্যৱস্থাও ধ্বংস হয় ৷ যদিহে সকলো ৰাজ্যই সমানে লাভ নকৰে তেন্তে ক্ষমতাৰ ভাৰসাম্য ৰাজ্যসমূহৰ মাজত বিনষ্ট হয় ৷ আৰু এয়া ৰাজ্যসঠূৰ বাবে এক গুৰুতৰ সমস্যা ৷ প্ৰশ্ন এইটো নহয় যে প্ৰধানমন্ত্ৰীজন যোগ্য হয় নে নহয় ! প্ৰশ্নটো হ’ল তেওঁ কাৰ বাবে যোগ্য ? আমি দুটা আৰু আমাৰ দুজন, অর্থাৎ যিসকলে নিজৰ সম্পত্তি বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰি আহিছে তেওঁলোকৰ বাবে আৰু দুখীয়া জনসাধাৰাণৰ বাবে অযোগ্য ৷
Comments