Choose Language

  • All  
  • English
  • অসমীয়া

গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি; প্ৰায় ৭.৫ লাখ ভোটাৰে নিৰ্ধাৰণ কৰিব চাৰি সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য


Published on February 27, 2021 | News Source: ঋতুৰাজ বৰুৱা
Share This Page
Related Stories

আপোনাৰ সমষ্টিত ভোটগ্ৰহণ কেতিয়া? জানি লওঁক সবিশেষ


Published on February 27, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

প্ৰণৱজ্যোতি দত্ত,২৭ ফেব্ৰুৱাৰী:কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কালি নতুন দিল্লীত আয়োজন কৰা সংবাদমেলত অসমত তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে।অসমত ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।৪৭ টা সমষ্টিত হ’ব প্ৰথম পৰ্যায়ৰ নিবাচন।১ এপ্ৰিলত ৩৯ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিবাচন আৰু ৬ এপ্ৰিলত ৪০ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

 

আপোনাৰ সমষ্টিত কেতিয়া হ’ব ভোটগ্ৰহণ?

 

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন (২৭ মাৰ্চ)---ঢেকীয়াজুলি, বৰচলা, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নী, আমগুৰি, থাওৰা, শিৱসাগৰৰ, নাজিৰা, মাহমৰা, সোণাৰি, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান,তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, বিহপুৰীয়া, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, মাজুলী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া।

 

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন (১ এপ্ৰিল)---ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ-পূব, কৰিমগঞ্জ-দক্ষিণ, বোকাজান, ডিফু, বৈঠলাংছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ, দলগাঁও, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ঢলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, জাগীৰোড, মৰিগাঁও, লাহৰিঘাট, ৰহা, নগাওঁ, বৰহমপুৰ, যমুনামুখ, হোজাই, লামডিং।

 

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (৬ এপ্ৰিল)---মানকাচৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, ভৱানীপুৰ, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, সৰভোগ, বৰপেটা, জনিয়া, বাঘবৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোসাইগাঁও, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ,দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্ৰী।

এইবাৰ ভোটকেন্দ্ৰত ভোটাৰৰ বাবে বিশেষ নিয়ম:কি কি নিয়ম মানিব লাগিব?


Published on February 27, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

প্ৰণৱজ্যোতি দত্ত,২৭ ফেব্ৰুৱাৰী:এইবাৰ ভোটকেন্দ্ৰলৈ যাওতে মানিব লাগিব কিছু বিশেষ নিয়ম।উল্লেখযোগ্য যে,এই নিয়ম ইয়াৰ পূৰ্বে ভোটগ্ৰহণৰ সময়ত কোনোদিনে হোৱা নাই।

কি কি নিয়ম মানিব লাগিব?

 

১)এইবাৰ ভোট দিবলৈ যাওঁতে পিন্ধি যাব লাগিব মাস্ক। মাস্ক পিন্ধাটো বাধ্যতামূলক।

২)কলো পলিং অফিচাৰৰে কভিড টেষ্ট কৰাটো বাধ্যতামূলক।

৩)ভোট কেন্দ্ৰৰ প্ৰৱেশ দ্বাৰত সকলো ভোটাৰৰে তাপমাত্ৰা পৰীক্ষা কৰা হ’ব।

 

৪)ভোট কেন্দ্ৰত ৬ ফুট ব্যৱধান মানি চলাটো বাধ্যতামূলক।

৫)এবাৰত এটা শাৰীত ৫-২০ জন মানুহেহে শাৰী পাতিব পাৰিব।

৬)৮০ বছৰ ঊৰ্ধৰ ব্যক্তি, দিব্যাংগ, নিৰ্বাচনৰ দায়িত্বত নিয়োজিত ব্যক্তি, ক’ভিড পজিটিভ ব্যক্তিয়ে প’ষ্টেল বেলট দিব পাৰিব।

 

৭)ভোটাৰ ৰেজিষ্টাৰত চহী আৰু ই ভি এম টিপাৰ সময়ত সকলো ভোটাৰকে হেণ্ড গ্লোভচ যোগান ধৰা হ’ব।

৮)পুৰুষ, মহিলা আৰু দিব্যাংগ, বয়োজ্যেষ্ঠৰ বাবে পৃথকে পৃথকে শাৰী থাকিব।

৯)এইবাৰ বিধানসভা নিৰ্বাচনত ভোট গ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰা হৈছে।

১০)এটা ভোট কেন্দ্ৰত সৰ্বাধিক ১ হাজাৰহে ভোটাৰ থাকিব পাৰিব।

Cartoon
View Older

 

April 10, 2021




From Our Archive

Create Account