গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: শনিবাৰে নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কৰা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰতিষ্ঠা কৰা হয় ৷২০০৪ চনৰ পৰা বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল এই মহামৃত্যুঞ্জয় মন্দিৰৰ।
২০০৩ চনতে বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জই যজ্ঞ সম্পন্ন হৈছিল ।এই যজ্ঞৰ পিছৰে পৰা প্ৰতি বছৰে মাঘী পূৰ্ণিমা দিনটোত মহা মৃত্যুঞ্জই যজ্ঞ অনুষ্ঠিত হৈ আহিছে। বৰ্তমান এই অস্থায়ী মন্দিৰত থকা শিৱলিংগ উঠাই নি আজি নতুন মন্দিৰত স্থাপন কৰাৰ পিছতে বিশ্বৰ সৰ্ববৃহৎ মন্দিৰটোৱে পূৰ্ণাংগ ৰূপ পায়।
২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা স্থিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ পাছতেই শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হয় । স্থিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত তামিলনাডুৰ প্ৰায় দুশৰো অধিক বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে যোৱা ২৫ ফেব্ৰুৱাৰী তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহে মহামৃত্যুঞ্জয় মন্দিৰত অনুস্থিত হৈ থকা যজ্ঞটো অংশগ্ৰহণ কৰিছিল ৷
২০০৩ চনতে বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জই যজ্ঞ সম্পন্ন হৈছিল ।এই যজ্ঞৰ পিছৰে পৰা প্ৰতি বছৰে মাঘী পূৰ্ণিমা দিনটোত মহা মৃত্যুঞ্জই যজ্ঞ অনুষ্ঠিত হৈ আহিছে। বৰ্তমান এই অস্থায়ী মন্দিৰত থকা শিৱলিংগ উঠাই নি আজি নতুন মন্দিৰত স্থাপন কৰাৰ পিছতে বিশ্বৰ সৰ্ববৃহৎ মন্দিৰটোৱে পূৰ্ণাংগ ৰূপ পায়।
শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,পত্নী ৰিণিকি ভূঞা শৰ্মা,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,সাংসদ পল্লব লোচন দাস,সাংসদ হৰেন সিং বে,বিধায়ক ৰূপক শৰ্মা, কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙ,প্ৰাক্তন বিধায়ক বিজেপি নেতা বিদ্যাসিঙ ইংলেঙ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই সহ বহু কেইগৰাকী বিজেপি নেতা,মন্ত্ৰী পিযুজ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাৰ উপস্থিত থাকে ৷
Comments