Classifieds
View All
দিখৌমুখ,১ মাৰ্চ: আজি শিৱসাগৰ জিলাৰ দিখৌমুখৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দিখৌমুখ মহাবিদ্যালয়ত ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে।সুদীৰ্ঘ এঘাৰ বছৰ মহাবিদ্যালয় খনিত এজন স্থায়ী অধ্যক্ষ নোহোৱাৰ বাবে বহু সময়ত সমস্যাৰ সৃষ্টি হৈ আহিছিল। আজি সকলো সমস্যাৰ ওৰ পেলাই এজন স্থায়ী অধ্যক্ষ নিযুক্ত হোৱাত অঞ্চল বাসী সুখী হোৱা দেখা গৈছে।
আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাক মহাবিদ্যালয় খনৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ হৰেন ভূঞা , মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল চন্দ্ৰ বৰকটকী ,জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ মানজিৎ গগৈ তথা মহাবিদ্যালয় খনিৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত ভাৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰ দত্তই আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ অৰ্পণ কৰে।
Comments