গুৱাহাটী, ২ মাৰ্চঃ নতুন দিল্লীস্থ ‘দ্য এনাৰ্জী এণ্ড ৰিছ’ৰ্চেছ ইনষ্টিটিউট’(টেৰি)ৰ পূৰ্বতে কাৰ্যবাহী পৰিচালক আৰু ‘ৰেগুলেইশ্বন এণ্ড গ্ল’বেল চিকিঅ’ৰিটি’ৰ সম্পদ শাখাৰ পৰিচালক হিচাপে কৰ্তব্য সমাপন কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাৰতীয় অৰ্থনীতিবিদ লিজিয়া নৰ’নহাক ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধান এণ্ট’নিঅ’ গুৱেটেৰেছে সহকাৰী সচিব প্ৰধান আৰু নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচীৰ [United Nationa environment Programme(UNEP)]কাৰ্যালয়ৰ মূখ্য বিষয়া হিচাপে নিযুক্ত কৰিছে।নৰ’নহা বহনক্ষম উন্নয়নৰ ক্ষেত্ৰখনত তিনি দশকতকৈয়ো অধিক অভিজ্ঞতাৰে পুষ্ট। ২০১৪ চনৰ পৰা তেওঁ কেনিয়াৰ নাইৰ’বিস্থিত অৰ্থনীতি শাখাৰ পৰিচালক হিচাপে জলবায়ু প্ৰশমন আৰু শক্তি পৰিবৰ্তন, সন্মিলিত সেউজীয়া অৰ্থনীতিপুঞ্জ, বহনক্ষম উপভোগ আৰু উৎপাদন, বাণিজ্য আৰু বহনক্ষম বিত্ত তথা পৰিৱেশ, প্ৰদূষন আৰু স্বাস্থ্য সম্পৰ্কীয় বহু কাৰ্যসূচীৰ নেতৃত্ব দিছিল।
মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক লিজিয়া নৰ’নহা সাগৰ ব্যৱহাৰৰ আইন, অৰ্থনীতি আৰু পলিচী (Sea use Law, Economics and Policy) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু লণ্ডন স্কুল অফ ইকন’মিক্সৰ পৰা পি এইছ ডি শিক্ষা প্ৰাপ্ত।
Comments