Classifieds
View All
গুৱাহাটী, ২ মাৰ্চঃ ভাৰতীয় গণতন্ত্ৰৰ নিৰ্বাচনৰ ধাৰাত ইতিহাস ৰচনা কৰি প্ৰথম বাৰৰ বাবে অসমৰ নিৰ্বাচন আয়োগে আজি ঘোষণা কৰে যে বিশেষভাৱে সক্ষম, আশীৰোৰ্ধ জ্যেষ্ঠ নাগৰিকৰ লগতে ক’ভিড -১৯ ত আক্ৰান্ত লোকসকলেও ভোট দান কৰিব পৰাকৈ ডাক বেলটৰ ব্যৱস্থা কৰা হ’ব। এই সংক্ৰান্তত ইচ্ছুক সকলে নিৰ্ধাৰিত কৰ্তৃপক্ষই প্ৰদান কৰা দৰকাৰী প্ৰমানপত্ৰসহ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়া অথবা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আবেদন আৰু ১২(ঘ) প্ৰপত্ৰ ভৰ্তি কৰি দাখিল কৰিব লাগিব।
Comments