তিনিচুকীয়া: ২ মাৰ্চ: বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিয়ে মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে অইলে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বিষয়টোত সৰৱ হৈ পৰিছে। মতাপুং মাগুৰি বিলৰ ভৱিষ্যতৰ দিনত হব পৰা বিপদৰ আশংকা কৰি বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি খাদটোৰ স্থান সলনি কৰিবলৈ দাবী জনাইছে । অন্যথা বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ নেতৃত্বত বাৰেকুৰিবাসী ৰাইজৰ সহযোগত বাৰেকুৰি অঞ্চলৰ অইলৰ সকলো তৈলখাদ অৱৰোধৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হব বুলি সকীয়াই দিছে।
সংগঠনদুটাই এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ তিনিচুকীয়া জিলা উপায়ুক্তক প্ৰদান কৰে। উল্লেখযোগ্য যে, মতাপুং-মাগুৰি বিল, এই জলাহভূমি খন ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩৭.৬৮" ৰ পৰা ৯৫°২৪'১১.৩৯" পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত। মতাপুং-মাগুৰি বিলখনক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। বিলখন শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰিছে। বিলখনত কিছুমান দুষ্প্ৰাপ্য প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষী বিচৰণ কৰে। প্ৰতিবছৰে শীতকালত পৰিভ্ৰমী চৰাই সমূহৰ বিলখনলৈ আগমণ ঘটে।
মতাপুং-মাগুৰি বিলখনত ২৯০ টাত কৈ অধিক প্ৰজাতিৰ চৰাই বিচৰণ কৰাৰ তথ্য সংগ্ৰহ কৰা হৈছে। পক্ষীৰ উপৰি বিলখনৰ জলভাগতো বহুতো প্ৰজাতিৰ মাছ, সৌন্দৰ্যবৰ্ধক মাছ আৰু ৬ টা মান প্ৰজাতিৰ কাছ আৰু কেইবাটাও প্ৰজাতিৰ সৰীসৃপ দেখিবলৈ পোৱা যায়। জৈৱ বৈচিত্ৰ্য ভৰপূৰ মতাপুং মাগুৰি বিলৰ প্ৰতি ভাবুকি কঢ়িয়াই অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে বাঘজান তৈল খাদৰ পৰা মধুবনলৈ ৰাইজৰ প্ৰতিবাদক নেওচি বিলখনৰ ওপৰেদি পাইপ লাইন স্থাপন কৰিলে। যাৰ পৰিণতিত বিগত ১৪ চেপ্তেম্বৰ ২০১৮ ত উক্ত পাইপ লাইন ফুটি বিলখনৰ পৰিৱেশতন্ত্ৰত বিস্তৰ ক্ষতিসাধন কৰিছিল। আনকি বিগত ২৭ মে ২০২০ত অইলৰ বাঘজানৰ BGR ৫ নং তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল।
সেই অগ্নিকাণ্ডই প্ৰায় ৬ মাহ মতাপুং মাগুৰি বিল আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ব্যাপক পৰিৱেশ প্ৰদূষণৰ লগতে জন- জীৱনৰ বৃহৎ ক্ষতি কৰিছিল।এই ঘটনাৰ ভয়াৱহতা মাৰ নৌযাওঁতেই অইল ইণ্ডিয়াই মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলাই থকা বিষয়টোত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ সাধাৰণ সম্পাদক মানৱ চুতীয়াই আক্ষেপ প্ৰকাশ কৰিছে।
Comments