পেৰিছ, ২ মার্চ ঃ দুর্নীতিত লিপ্ত হোৱা আৰু ক্ষমতাৰ অপব্যৱহাৰৰ বাবে ফ্রান্সৰ এখন আদালতে কালি দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি নিকোলাছ ছার্কজিক তিনি বছৰ কাৰাদণ্ড বিহে৷ ছার্কজিৰ বিৰুদ্ধে ৰুজু হোৱা এটা অপৰাধমূলক গোচৰৰ বিষয়ে সবিশেষ জানিবলৈ ছার্কজিয়ে এজন দণ্ডাধীশক উৎকোচ দিবলৈ চেষ্টা কৰিছিল আৰু খবৰৰ বিনিময়ত দণ্ডাধীশজনক এটা সন্মানীয় চাকৰিৰ প্রস্তাৱ দিছিল৷
অৱশ্যে ছার্কজি কাৰাগাৰলৈ যাব নালাগে৷ কাৰণ আদালতে দুবছৰৰ কাৰাদণ্ড স্থগিত ৰাখে৷ (ছাছপেণ্ডেণ্ড ছেণ্টেন্স) আৰু তেওঁক এবছৰ তেওঁৰ ঘৰতে থাকিবলৈ অনুমতি দিয়ে৷ এবছৰ তেওঁৰ দেহত এটা ‘ইলেক৲ট্রনিক টেগ৲’ লগোৱা থাকিব৷ অর্থাৎ তেওঁৰ চাল-চলন লক্ষ্য কৰি থকা হ’ব৷ উল্লেখযোগ্য যে কাৰাদণ্ড বিহা ছার্কজিয়েই ফ্রান্সৰ প্রথমজন প্রাক্তন ৰাষ্ট্রপতি৷ ছার্কজিৰ লগতে দুর্নীতিত জড়িত থকা তেওঁৰ প্রাক্তন অধিবক্তা আৰু দণ্ডাধীশজনকো একে শাস্তি বিহা হয়৷ উল্লেখযোগ্য যে ২০১৪ চনত ছার্কজি, তেওঁৰ
সেই সময়ৰ অধিবক্তাজন আৰু দণ্ডাধীশজনৰ মাজত হোৱা কথোপকথন আৰক্ষীয়ে বাণীবদ্ধ কৰিছিল৷ ২০০৭ চনৰ ৰাষ্ট্রপতিৰ নির্বাচনৰ প্রচাৰ অভিযানৰ কাৰণে ছার্কজিয়ে লৰিয়েল কোম্পানীৰ উত্তৰাধিকাৰী লিলিয়েন বেটেনকর্টৰ পৰা অবৈধভাৱে ধন লৈছিল বুলিও অভিযোগ উঠিছিল আৰু তাৰ অনুসন্ধান চলি আছে৷ ছার্কজি ২০০৭ চনৰ পৰা ২০১২ চনলৈ ফ্রান্সৰ ৰাষ্ট্রপতি আছিল৷
Comments