গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২ মার্চ ঃ অসম ক্রিকেট সন্থাৰ দ্বাৰা আয়োজিত তৃতীয় অসম প্রিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ ধেমাজি ভেনু্যত ত্রিপল ক্রাউন জোনায়ে ধেমাজি ক্রিকেট একাডেমিক দুই ৰানত পৰাজিত কৰি বিজয়ীৰ সন্মান অর্জন কৰিছে৷ ত্রিপল ক্রাউনে ১০৪ ৰান কৰাৰ প্রত্যুত্তৰত ক্রিকেট একাডেমিয়ে ১০২ ৰানহে কৰিবলৈ সক্ষম হয়৷
একাডেমিৰ যোছেফ বুঢ়াগোহঁায়ে আৰু ত্রিপল ক্রাউনৰ মণ্টু সিঙে পায় চাৰিটাকৈ উইকেট৷ এ চি এৰ আন্তঃমণ্ডল প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ দক্ষিণ অসম মণ্ডলৰ কৰিমগঞ্জত অনুষ্ঠিত আজিৰ খেলত মাইজডিহি স্প’র্টছ ক্লাবে ছয় উইকেটত পৰাস্ত কৰে হেভেন ব্লু এ চিক৷ ইফালে একে মণ্ডলৰ শিলচৰত সম্পন্ন খেলত এভাৰেষ্ট ক্লাবৰ বিৰুদ্ধে তিনি উইকেটত জয়ী হয় ব্লাড মাউথ ক্লাব৷ হেড কোৱার্ৰ মণ্ডলৰ গোৱালপাৰাৰ খেলত বাড ক্রিকেট ক্লাবে ৮৬ ৰানত পৰাজিত কৰে ৰঙিয়া ক্রিকেট সন্থাক৷
আনহাতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৰেডিয়েল ক্লাবে এন এ পি চি মৰিগাঁৱক হৰুৱায় ছয় উইকেটত৷ চেণ্ট্রেল অসম মণ্ডলৰ গোলাঘাটত হোৱা খেলত নামবৰ ক্লাবে টিপটপ ক্লাবৰ বিৰুদ্ধে ১০১ ৰানত জয়ী হয়৷ নামনি অসম মণ্ডলৰ উত্তৰ শালমৰাত সম্পন্ন খেলত উত্তৰ নলবাৰী স্প’র্টছ ক্লাবে বঙাইগাঁও ক্রিকেট ক’চিং চেণ্টাৰক তিনি উইকেটত পৰাজিত কৰাৰ বিপৰীতে বৰপেটা ক্লাব তিৰংগাই নিউ ক্লাবক হৰুৱায় ১৪১ ৰানত৷ উত্তৰ অসম মণ্ডলত ন উইকেটত টাউন ক্লাব মঙলদৈক পৰাস্ত কৰে ছুপাৰ টাচ ক্লাবে৷
Comments