প্ৰণৱজ্যোতি দত্ত,৩ মাৰ্চ:ৰাইজৰ দলৰ উপদেষ্টা পদ এৰিলে হীৰেন গোহাঁইয়ে।অখিল গগৈৰ পত্ৰৰ পাছতেই হীৰেন গোহাঁইয়ে এৰিলে ৰাইজৰ দলৰ উপদেষ্টা পদ।এতিয়াৰে পৰা ৰাইজৰ দলৰ কোনো কামতে জড়িত নাথাকিব ড° হীৰেন গোহাঁই।
অখিল গগৈয়ে লিখা পত্ৰখনৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি হীৰেন গোহাঁইয়ে কয় যে, "অখিল গগৈয়ে কাৰাগৰা পৰা যিখন পত্ৰ লিখিছিল সেইখন চিঠি গগৈয়ে পূৰ্বতে কোৱা কথাৰ সম্পূৰ্ণ বিপৰীত।গগৈৰ সেয়া ভ্ৰান্ত ধাৰণা।
তেওঁ যি কথা কৈছে সেয়া হ’লে বিজেপি বিৰোধী ভোট বিভাজন হ’ব।মই অখিল গগৈৰ শেহতীয়া সিদ্ধান্ত মোৰ দীৰ্ঘদিনৰ মতৰ বিপৰীতে যোৱা বাবে ৰাইজৰ দলৰ উপদেষ্টা বাবৰ পৰা অব্যাহতি লৈছোঁ।ইয়াৰ পিছত তেওঁলোকৰ কোনো কামৰ বাবে মোৰ সামান্য দায়িত্বও নাথাকিব।
মই কংগ্ৰেছৰ ভক্ত নহয়।বিগত সময়ত কংগ্ৰেছৰ বিৰুদ্ধে বহু লিখা মেলা কৰিছোঁ।কিন্তু মই চৰ্ট সাপেক্ষে সমৰ্থন কৰিব ওলাইছো।"
Comments