প্ৰণৱজ্যোতি দত্ত,৩ মাৰ্চ:কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত হৈছে৷কংগ্ৰেছৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত৷প্ৰথম পৰ্যায়ত প্ৰাৰ্থীত্ব নিশ্চিত হোৱাসকল হৈছে, যোৰহাটত ৰাণা গোস্বামী, চামগুৰিত ৰকিবুল হুছেইন, মৰিয়নিত ৰূপজ্যোতি কুৰ্মী,উদাৰবন্দত অজিত সিং, হাফলঙত নিৰ্মল লাংথাছা, নাজিৰাত দেৱব্ৰত শইকীয়া, খুমটাইত বিস্মিতা গগৈ, আমগুৰিত অংকিতা দত্ত, বিহপুৰীয়াত ভূপেন বৰা, নাহৰকটীয়াত প্ৰণতি ফুকন, মৰাণত প্ৰাঞ্জল ঘটোৱাৰ, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰ
৷আনহাতে, গহপুৰত ৰিপুণ বৰা অথবা মণিকা বৰা, বৰপেটাত চলমান খান অথবা আব্দুল ৰহিম খান, পাটাছাৰকুছিত শান্তনু শৰ্মা অথবা অৰুণিমা দাস, ভবানীপুৰত তাইজুদ্দিন আহমেদ অথবা ইছমাইল হুছেইন, জনিয়াত মজিবুৰ ৰহমান অথবা গোলাম আলী, সৰভোগত ধীৰাজ দেউৰী অথবা ৰফিকুল ইছলাম, চেঙাত শুকুৰ আলী অথবা আব্দুৰ ৰূপচান্দ ৰাজ,জোনাইত সুশীল পেগু অথবা হেমহৰি পেগু, ধেমাজিত বাবুল সোণোৱাল অথবা শৈলেন সোণোৱাল,
ঢকুৱাখনাত ভৰত নৰহ অথবা কালিদাস কামান, লখিমপুৰত ঘন বুঢ়াগোহাঁই অথবা জয়প্ৰকাশ দাস, চাবুৱাত অজয় ফুকন অথবা প্ৰণৱ বৰুৱা,লাহোৱালত পৃথ্বী মাঝি অথবা মনোজ ধানোৱাৰ, ডিব্ৰুগড়ত ৰঞ্জিত বৰুৱা অথবা নীলনেত্ৰ নেওগ, দুলীয়াজানত বাঞ্চিলাল চাহু অথবা ধ্ৰুৱ গগৈ,
টিংখাঙত বিপুল গগৈ অথবা এটুৱা মুণ্ডা, শদিয়াত বিৰিঞ্চি নেওগ অথবা ৰজত গোহাঁই, ডুমডুমাত দুৰ্গা ভূমিজ অথবা ৰূপেশ গোৱালা, তিনিচুকীয়াত ৰাজু চাহু অথবা জয়ন্ত কলিতা, ডিগবৈত গৌতম ধানোৱাৰ অথবা গীতাঞ্জলি সোণোৱাল, মাৰ্ঘেৰিটাত ৰুবুল গগৈ অথবা বাসু ছেত্ৰী৷
আজি খানাপাৰা গ্ৰীণউড ৰিজ’ৰ্টত কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷দলৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিঙৰ উপস্থিতিৰ লগে লগে কংগ্ৰেছৰ আৰম্ভ নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হয়৷এইবাৰ নিৰ্বাচনত বহু বিধায়কে টিকট নাপাব পাৰে বুলি জিতেন্দ্ৰ সিঙে ইংগিত দিয়ে৷সমষ্টি ভিত্তিক সমীক্ষাৰ তথ্য পৰ্যালোচনাৰ পাছতহে প্ৰাৰ্থীক টিকট দিয়াৰ সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷
Comments