তিনিচুকীয়া: ৩ মাৰ্চ: পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত তিনিচুকীয়া জিলাৰ মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে অইলে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বিষয়টোত সদৌ মৰাণ ছাত্ৰ সন্থা ক্ষোভিত হৈ পৰিছে। মতাপুং মাগুৰি বিল আৰু পাৰ্শ্ববৰ্তী অঞ্চলত ভৱিষ্যতৰ দিনত পৰিব পৰা প্ৰভাৱ, বিপদৰ আশংকা কৰি সদৌ মৰাণ ছাত্ৰ সন্থা সাধাৰণ সম্পাদক মুনিন দুৱৰাই শীঘ্ৰে এই কাৰ্য বন্ধ কৰিবলৈ সকীয়াই দিছে।
অন্যথা তিনিচুকীয়া জিলাত অইলৰ কাম- কাজ স্থবিৰ কৰিবলৈ বাধ্য হব বুলিও সদৌ মৰাণ ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ অঞ্চলত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি অইলে নিজৰ লাভালাভৰ স্বাৰ্থত কাম কৰি আহিছে। স্থানীয় জনতা অথবা জৈৱ পৰিবেশৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া অইলে পৰিনাম ভুগিব লাগিব বুলি সদৌ মৰাণ ছাত্ৰ সন্থাই উল্লেখ কৰি বাঘজান কাণ্ড, মাগুৰি মতাপুং বিলত তেলৰ পাইপ ফুটি বিস্তৰ ক্ষতি হোৱা, জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চলত (Eco Sensitive Zone) বাৰুকৈয়ে প্ৰভাৱ পেলোৱা কাৰ্য সংঘটিত কৰাৰ পিছতো অইলে আজি পৰ্যন্ত কোনো গুৰুত্ব আৰোপ নকৰা বিষয়টোত সংগঠনটোৰ নেতা গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।
অইলে প্ৰয়োজনীয় অনুমতি অবিহনেই, অঞ্চলটোত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে অধ্যয়নৰ অবিহনেই, জনতাৰ ৰায়ৰ অবিহনেই বৃহৎ বৃহৎ গেছ- তেলৰ পাইপ লাইন জন বসতি অঞ্চল, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষৰ পক্ষী বিল মতাপুং মাগুৰি বিলৰ ওপৰেদি স্থাপন কৰা বিষয়টোও সহ্য কৰা নহব বুলি স্পষ্ট কৰি দিছে। অতি শীঘ্ৰে এই সন্দৰ্ভত প্ৰতিবাদ তীব্ৰ ৰূপত গঢ়ি তোলা হব বুলিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰাই উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, মতাপুং-মাগুৰি বিলখনক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰাৰ লগতে শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
Comments