তালাপ, ৪ মাৰ্চ : এবিটা আৰু ইউনিচেফৰ উদ্যোগত হাপজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মাকুমৰ বনমালী শইকীয়া সাহিত্য ভৱনত যোৱা ২ মাৰ্চৰপৰা তিনিদিনীয়াকৈ মাতৃ আৰু শিশুৰ যত্ন সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হয় ।
এবিটাৰ অন্তৰ্গত কেইবাখনো চাহ বাগিছাৰ আশাকৰ্মীসকলক লৈ অনুষ্ঠিত কৰা কৰ্মশালাখনত প্ৰশিক্ষাৰ্থীসকলক গৰ্ভাৱতী-প্ৰসূতি মহিলাৰ যত্ন, শিশু তথা কিশোৰ-কিশোৰীৰ পুষ্টিহীনতা(বিশেষকৈ শিশুৰ জীৱনৰ প্ৰথম ১০০০ দিনৰ পৰিপুষ্টিৰ প্ৰয়োজনীয়তা) আৰু তেওঁলোকৰ বয়স অনুপাতে ওজনৰ নিৰীক্ষণ, পুষ্টিহীনতাত ভোগা শিশুৰ চিকিৎসা ব্যৱস্থা আৰু গৰ্ভাৱস্থাত-পোৱাতী অৱস্থাত মাতৃৰ লগতে নৱজাত শিশুসকলৰ জীৱনৰ প্ৰথম ২টা বছৰত কেনে ধৰণৰ পুষ্টিৰ প্ৰয়োজন আৰু এই সময়চোৱাত পুষ্টিৰ অভাৱ হলে গোটেই জীৱনলৈ শিশুসকল কেনে ধৰণৰ সমস্যাৰ সন্মূখীন হব লগা হয়, শিশুসকলৰ প্ৰতিমাহে বয়স অনুপাতে ওজন পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা, কৈশোৰ অৱস্থাত পুষ্টিৰ প্ৰয়োজনীয়তা আৰু খোৱা পানী, অনাময় ব্যৱস্হা, ব্যক্তিগত তথা সামাজিক পৰিস্কাৰ পৰিচন্নতা আদিৰ বিষয়ে বিতংভাবে প্ৰশিক্ষণ প্ৰদান কৰা হয় । সমল ব্যক্তি হিচাপে যোগদান কৰে অঞ্জলি চাংমাই আৰু ৰিঞ্জু শইকীয়াই।
কৰ্মশালা অনুষ্ঠিত কৰাত স্বাস্থ্য কেন্দ্ৰ সংহত শিশু উন্নয়ন প্ৰকল্প গোটে বিশেষ বৰঙনি আগ বঢ়াই । ইউনিচেফৰ প্ৰগ্ৰেম মেনেজাৰ মুক্তিকাম বৰদলৈ আৰু প্ৰজেক্ট কো-অৰ্ডিনেটৰ গৌতম ৰাজকোঁৱৰে কৰ্মশালাখন সফল কৰি তোলাত বৰঙনি যোগোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।
Comments