Classifieds
View All
গুৱাহাটী, ৪ মাৰ্চ: নগা বিদ্ৰোহী সংগঠন, নেচনেল চছিয়েলিষ্ট কাউঞ্চিল অফ নগালেণ্ড - ইছাক-মুইভা গোটে সদৰী কৰিছে যে নগালেণ্ডৰ ৰাজনৈতিক সমস্যাটোৰ সমাধানৰ বাবে আলোচনা পুনৰ আৰম্ভ হৈ সঠিক দিশত আগবাঢ়িছে।
বিদ্ৰোহী সংগঠনটোৱে নগালেণ্ডৰ ৰাজ্যপাল তথা কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰৱিক আলোচনা সম্পৰ্কে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি তীব্ৰ সমালোচনা কৰে।
সংগঠনটোৱে কয় যে ভাৰত চৰকাৰ আৰু নগা ৰাজনৈতিক গোট সমূহে সঠিক দিশত আলোচনা আগবঢ়ায় লৈ গৈ আছে যাতে এটা সন্মানপূৰ্বক আৰু সকলোৰে গ্ৰহণযোগ্য সমাধানত উপনীত হ'ব পৰা যায়।
Comments