Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৪ মাৰ্চ:আহিল ভাল খবৰ।আলফা(স্বাঃ)এ মুকলি কৰি দিলে কুইপ’ৰ দুই অপহৃত বিষয়াক।ইতিমধ্যে অৰুণাচল সীমান্তত দুয়োগৰাকী বিষয়াক মুকলি কৰি দিয়া হৈছে।আজি নিশাই বিষয়া দুগৰাকী বাসগৃহত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
ইতিমধ্যে শিৱসাগৰৰ প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হৈছে আলফা আৰু কুইপ'ৰ আলোচনাৰ মধ্যস্থতাকাৰী কৌশিক ফুকন।কুইপ’ আৰু আলফা(স্বাঃ)ৰ মাজৰ আলোচনাৰ মধ্যস্থতাকাৰী আছিল কৌশিক ফুকন।দুয়ো গৰাকী বিষয়াক মুকলি কৰি দিয়াৰ খবৰ লাভ কৰাৰ পাছত এতিয়া বিষয়া দুগৰাকীৰ পৰিয়ালৰ লোকসকলে আলফাক কৃতজ্ঞতা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে,২১ডিচেম্বৰত আলফা স্বাধীনে অৰুণাচলৰ ডায়ুনৰ কুইপ’ নামৰ তৈল প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰিছিল।আলফা স্বাধীনে অপহৃত দুই বিষয়াৰ মুক্তিপণ ২০ কোটি টকা দাবী কৰিছিল।
Comments