Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4627

তিনিচুকীয়াত কা বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ


Published on March 4, 2021 | News Source: মনোৰঞ্জন মৰাণ
Share This Page
Related Stories

তিনিচুকীয়াত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ


Published on January 9, 2021|News Source : মনোৰঞ্জন মৰাণ

তিনিচুকীয়া: ৯ জানুৱাৰী:  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া নগৰত কা বাতিল কৰা, অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কণ গগৈ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, উপদেষ্টা নৰেন্দ্ৰ শইকীয়া, ভদ্ৰ কৃষ্ণ বৰা , বিশিষ্ট নাগৰিক ডাঃ গিৰিশ সন্ধিকৈ,জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ লগতে জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া আৰু কেইবাখনো আঞ্চলিক সমিতিয়ে উপস্থিত থাকে ।

কোনো কাৰণত নাগৰিকত্ব সংশোধনী আইন নামানে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্ট কৰি দি অনুপ্ৰৱেশকাৰী সমস্যা ৰোধ কৰিবলৈ হলে অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন হ’বই লাগিব বুলিও উল্লেখ কৰে।  অসমীয়া ভাষাৰ সংস্কৃতিৰ নি:শেষ কৰিব বিচৰা আইন অসমৰ ৰাইজে কেতিয়াও মানি নলয় আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি সদৰী কৰে। আমি যুঁজিম আৰু আমি জিকিম বুলিও অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিয়ে উল্লেখ কৰে।

 

Cartoon
View Older

 

April 10, 2021




From Our Archive

Create Account