Classifieds
View All
নতুন দিল্লী, ৪ মার্চ ঃ অসমৰ লাভলিনা বৰগোহঁায়ে ৩৫ সংখ্যক বক্সাম আন্তর্তিক বক্সিং টুর্নামেণ্টৰ কোৱার্ৰ ফাইনেলৰ পৰা বাহিৰ হৈছে৷ স্পেইনৰ কাষ্টেলনত অনুষ্ঠিত সন্মানীয় প্রতিযোগিতাখনত বিশ্ব চেম্পিয়নশ্বিপৰ দুবাৰৰ ব্রঞ্জ জয়ী লাভলিনাই (৬৯ কেজি) ৰাছিয়াৰ ছাডেট ডলগাটোভাৰ হাতত ০-৫ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে৷
আনহাতে এছিয়ান চেম্পিয়ন পূজা ৰাণীয়ে (৭৫ কেজি) ছেমি ফাইনেলত প্রৱেশ কৰি পদক নিশ্চিত কৰিছে৷ ৰাণীৰ আগেয়ে অন্তিম-৪ত প্রৱেশ কৰিছিল এম চি মেৰী কম (৫১ কেজি), ছিমৰনজিৎ কৌৰ (৬০ কেজি) আৰু জেছমিন (৫৭ কেজি)৷
Comments