আহমেদাবাদ, ৪ মার্চ ঃ অক্ষৰ পেটেল (৪-৬৮) আৰু ৰবিচন্দ্রন আছৱিনৰ (৩-৪৭) আকর্ষণীয় বলিঙৰ জৰিয়তে ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ তথা নির্ণায়ক টেষ্টৰ প্রথম দিনৰ খেলত ভাৰতেই নিয়ন্ত্রণ প্রতিষ্ঠা কৰে৷ পুনৰ ভাৰতীয় স্পীন বলিঙৰ বিৰুদ্ধে তিষ্ঠিব নোৱাৰি অতিথি ইংলেণ্ডে ৭৫.৫ অ’ভাৰত ২০৫ ৰানত প্রথম ইনিংছ সামৰে৷
টপ-অর্ডাৰৰ ব্যর্থতাৰ পাছত বেন ষ্টোকছে সর্বাধিক ৫৫ আৰু ডন লৰেন্সে ৪৬ ৰানৰ গুৰুত্বপূর্ণ অৱদান যোগায়৷ অলী প’পে ২৯ আৰু জনী বেয়াৰষ্টোৰ বেটৰ পৰা আহে ২৮ ৰান৷ অক্ষৰ আৰু আছৱিনৰ উপৰি মহম্মদ ছিৰাজে ৪৫ ৰানত দুটা উইকেট লাভ কৰে৷ দিনটোৰ অৱশিষ্ট সময়খিনিত ভাৰতে প্রথম ইনিংছ আৰম্ভ কৰি এক উইকেটত সংগ্রহ কৰে ২৪ ৰান৷
অ’পেনাৰ শুবমান গীলে কোনো ৰান নকৰাকৈ আউট হোৱাৰ পাছত ৰোহিত শর্মা আৰু চেতেশ্বৰ পূজাৰাই অধিক হানি-বিঘিনি নঘটোৱাকৈ দিনটোৰ খেল সামৰে৷ দিনান্তত ৰোহিতে ৮ আৰু পূজাৰাই ১৫ ৰানত বেট ধৰি থাকে৷ গীলৰ উইকেট দখল কৰে জেমছ এণ্ডাৰছনে৷
Comments