তালাপ, ৫ মাৰ্চ : ডুমডুমাৰ উদৰোড নিবাসী, সমাজকৰ্মী প্ৰাথমিক বিদ্যালয়ৰ দুটামান শ্ৰেণীলৈ পঢ়া এজন ক্ষুদ্ৰ ব্যাৱসায়ী চণ্ডীৰাম দাস । এই সাধাৰণ ব্যক্তিজনে এটা অসাধাৰণ কাম কৰি দেখুৱাই সকলোকে হতবাক কৰি তুলিলে ৷ তেওঁৰ যুগ্মজীৱনৰ ৫০ বছৰ পূৰ্তিৰ দিনটোত ডুমডুমা নাট্য মন্দিৰত অনুষ্ঠিত কৰা অনুস্থানত নিজে লিখি উলিওৱা 'মোৰ অতীত জীৱনৰ কিছু ৰোমন্ঠন' নামৰ এখন পুথি উন্মোচন কৰোৱা কাৰ্যই উপস্থিত সকলোকে অবাক কৰি তোলে ৷
পুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই । অৰ্জুন বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত নাট্য মন্দিৰ সমিতিৰ সভাপতি ধীৰেন মজুমদাৰ, তেওঁৰ বাল্যবন্ধু ধীৰেন ডেকা, শাখা সাহিত্য সভাৰ সভাপতি বিমলা বৰুৱা, প্ৰতিবেশী তথা ডুমডুমা পৌৰসভাৰ প্ৰধান সহায়ক প্ৰদীপ বৈশ্য আদিয়ে চণ্ডীৰাম দাসৰ সংগ্ৰামী জীৱন আৰু সামাজিক অৱদানৰ বিষয়ে বক্তব্য দাঙি ধৰে ।
চণ্ডীৰাম দাস ডুমডুমা শিৱ মন্দিৰ সমিতিৰ প্ৰাক্তন সম্পাদক আৰু ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ সমিতি একেৰাহে ৫০ বছৰ কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্ব পালন কৰি অহাত উপস্থিত ৰাইজে অভিনন্দন জ্ঞাপন কৰে । অনুস্থানটোৰ প্ৰাৰম্ভতে দাস দম্পতীয়ে যুগ্মজীৱনৰ সোনালী জয়ন্তী বৰ্ষৰ উপলক্ষত কেক কাটে আৰু উপস্থিত ৰাইজে মুয়োকে শুভেচ্ছা জ্ঞাপন কৰে ৷
Comments