মাজুলী,৫,মাৰ্চ:জল্পনা-কল্পনা অন্ত পেলাই আনুষ্ঠানিকভাৱে নতুন দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰা অগপ-বিজেপি-ইউ পি পি এল মিত্ৰজোটৰ প্ৰাৰ্থী তালিকা ঘোষণা হল। দিল্লীত সংবাদমেল পাতি ৭০টা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ লগতে কেন্দ্ৰীয় নেতৃত্বই।
এই ৭০জনীয়া তালিকাত মাজুলীৰ সমষ্টিৰ পৰা পুনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰতিদ্বন্দিতা কৰাৰ খবৰ বিয়পি পৰাৰ পিছতেই মাজুলীৰ বিজেপি নেতা কৰ্মীৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হৈছে।বিজেপিৰ মাজুলী জিলা সমিতিৰ সভাপতি লোকনাথ কুটুমে পুনৰবাৰ মুখ্যমন্ত্ৰী সোনোৱালক মাজুলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ দিয়াৰ বাবে বিজেপি কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে।
ইফালে মাজুলী জিলাৰ বিজেপিৰ দলীয় কাৰ্য্যকৰ্তা সকলেও পুনৰ মুখ্যমন্ত্ৰী সোনোৱালে মাজুলী সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত আনন্দিত বুলি উল্লেখ কৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এইবাৰ মুখ্যমন্ত্ৰী সোনোৱালে ডিব্ৰুগড়ৰ পৰাহে প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চাত আছিল।এইবাৰ মাজুলীৰ পৰা যদি কংগ্ৰেছে ৰাজীৱ লোচন পেগু আৰু অসম জাতীয় পৰিষদে শিশুধৰ দলেক প্ৰাৰ্থীত্ব দিয়ে তেন্তে যুজঁ খন ত্ৰিকোণীয়া হোৱাৰো সম্ভাৱনা আছে।
ইফালে অসম জাতীয় পৰিষদৰ অন্যতম টিকট প্ৰত্যাশী প্ৰফুল্ল কুমাৰ মহন্তৰ একালৰ সতীৰ্থ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে টিকট বঞ্চিত হলে অগপ(প্ৰ)ৰ পৰাও প্ৰাৰ্থীত্ব লোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই জানিবলৈ দিয়ে।
Comments