সোণাৰি : নিজা প্ৰতিবেদক, ৫ মাৰ্চ : বিভিন্ন জল্পনা কল্পনাৰ অন্ত পেলাই আজি বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ তৰফৰ পৰা প্রকাশ কৰা অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ তালিকাত ১০৬নং সোণাৰি সমষ্টিৰ বাবে ধৰ্মেশ্বৰ কোঁৱৰৰ নাম ঘোষণা কৰাক লৈ সমষ্টিটোৰ দলীয় কাৰ্যকর্তা সকলৰ মাজত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হয়।
আজি বিয়লি বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰৰ নাম ঘোষিত হোৱাৰ লগে লগে দলীয় কাৰ্যকর্তা সকলে সোণাৰিৰ ৰাজপথত ওলাই আহি আঁতসবাজি ফুটাই আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়। প্ৰতিকূল বতৰকো নেওচি বিজেপিৰ কাৰ্যকর্তা সকলে ধৰ্মেশ্বৰ কোঁৱৰ জিন্দাবাদ, বিজেপি জিন্দাবাদ, সৰ্বানন্দ সোনোৱাল জিন্দাবাদ আদি শ্লোগান দি আনন্দ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিহ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষৰীয়া চুকাফা নগৰ অঞ্চলৰ স্থায়ী বাসিন্দা ধৰ্মেশ্বৰ কোঁৱৰ দীৰ্ঘদিন ধৰি সামাজিক কামকাজৰ লগত জড়িত হৈ থকাৰ বাবে ইতিমধ্যে বহুকেইটা সংগঠনে বিভিন্ন উপাধিৰে বিভূষিত কৰিছে। মথুৰাপুৰ বৰহুলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়ায় আজিৰ পৰা প্ৰায় তিনি বছৰ পূৰ্বে প্ৰধান শিক্ষক হিচাপে কোঁৱৰে স্বেচ্ছামূলক অৱসৰ লৈ সক্ৰিয় ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল।
শেহতীয়াকৈ বিজেপি দলৰ অসম ৰাজ্যিক অ বি চি মৰ্চাৰ উপ সভাপতিৰ দায়িত্বত থকা কোঁৱৰে তেওঁৰ গৃহ সমষ্টি নাজিৰাৰ পৰা দলীয় টিকেটৰ দাবীদাৰীত্ব আগবঢ়াইছিল। কিন্তু দলে অৱশেষত আজি তেওঁক বিধায়ক নিবনিতা সন্দিকৈৰ সলনি সোণাৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়াই দিয়ে।
Comments