নতুন দিল্লী, ৩ মার্চ ঃ ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ অন্তিম তথা শেষ টেষ্টৰ পৰা ব্যক্তিগত কাৰণত ৰেহাইৰ বাবে বি চি চি আইৰ অনুমতি বিচাৰিছিল ভাৰতৰ বেগী বলাৰ যশপ্রীত বুমৰাহে৷ কথাটোত আশ্চর্য প্রকাশ কৰিবলগীয়া বিশেষ তেনে একো নাই৷ ব্যস্ত সূচীৰ বাবে অৱসাদ আঁতৰাবলৈ খেলুৱৈয়ে জিৰণি লোৱাটো আচৰিত কথা নহয়৷ কিন্তু এক অসমর্থিত সূত্রই জনোৱা মতে বুমৰাহৰ এই জিৰণি তেওঁৰ বিবাহৰ আয়োজনৰ বাবেহে৷
বেছ কিছুদিন বুমৰাহক দাক্ষিণাত্যৰ অভিনেত্রী অনুপমা পৰমেশ্বৰণৰ সৈতে সময় অতিবাহিত কৰা দেখা গৈছিল৷ বি চি চি আয়ে বুমৰাহৰ ছুটী মঞ্জুৰ কৰাৰ পাছতে মঙলবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুপমায়ো ‘হলিডে’ৰ বাবে অনুপস্থিত থকাৰ কথা ঘোষণা কৰাত ঘটনাই অন্য ৰূপ লয়৷ ২৭ বর্ষীয় বুমৰাহৰ অনুৰোধত বি চি চি আয়ে চতুর্থ টেষ্টৰ লগতে ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া পাঁচখনীয়া এদিনীয়া শৃংখলাৰ পৰাও জিৰণি দিছে৷ এই কথা ব’র্ডৰ এগৰাকী বিষয়াই সদৰী কৰে৷ বুমৰাহে ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টত ভাগ লৈ মুঠ চাৰিটা উইকেট দখল কৰিছিল৷
Comments