বাছেল, ৩ মার্চ ঃ সতীর্থ সমীৰ বার্মাৰ কঠিন প্রত্যাহবান ওফৰাই চুইছ অ’পেন বেডমিণ্টনত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ ছুপাৰ ৩০০ টুর্নামেণ্টখনৰ প্রথম ৰাউণ্ডত ২০১৫ চনৰ খিতাপ জয়ী শ্রীকান্তে ২০১৮ চনৰ বিজয়ী সমীৰক ১৮-২১, ২১-১৮, ২১-১১ ব্যৱধানত হৰুৱায়৷ পুৰুষ ছিংগলছৰ কঠিন যুঁজখনত এঘণ্টাৰ সামান্য অধিক সময়ত জয় সাব্যস্ত কৰে চতুর্থ বাছনিৰ শ্রীকান্তে৷
বিশ্ব ত্রয়োদশ স্থানৰ শ্রীকান্তৰ পৰৱর্তী প্রতিপক্ষ হ’ব পাৰে ফ্রান্সৰ থমাচ ৰক্সেল অথবা কানাডাৰ জিৱাউডং শ্বেং৷ ইফালে, মিক্সড ডাবলছত ভাৰতৰ সাত্বিক ছৈৰাজ ৰাংকীৰেড্ডী আৰু অশ্বিনী পোনাপ্পা যুটিয়ে বিশ্বৰ অষ্টম স্থানৰ আৰু দ্বিতীয় বাছনিৰ ইণ্ডোনেছিয়াৰ হাফিজ ফইছাল আৰু গ্ল’ৰিয়া ইমানুৱেল যুটিক চমক খুৱায়৷ ব্যৱধান ২১-১৮, ২১-১০৷
জানুৱাৰীত টয়টা থাইলেণ্ড অ’পেন ছুপাৰ ১০০০ ইভেণ্টৰ ছেমি ফাইনেলিষ্ট সাত্বিক আৰু পোনাপ্পা৷ ইয়াৰ আগেয়ে ইণ্ডোনেছিয়ান যুটিটোৰ বিৰুদ্ধে য়ুনেক্স থাইলেণ্ড অ’পেনত তিনি গেমৰ ৰোমাঞ্চকৰ খেলত জয়ী হৈছিল৷ অৱশ্যে মিক্সড ডাবলছত আনটো ভাৰতীয় যুটি প্রণৱ জেৰী চোপ্রা আৰু এন ছিক্কী ৰেড্ডী প্রথম খেলতে পৰাজয়ৰ সন্মুখীন হয়৷
Comments