আহমেদাবাদ, ৩ মার্চ ঃ আই চি চি টেষ্ট বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশৰ অন্তিম সুযোগটো এৰি নিদিয়াৰ উদ্দেশ্যৰেই নতুনকৈ নামকৰণ কৰা নৰেন্দ্র মোদী ষ্টেডিয়ামত বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত মুখামুখি হ’ব৷ শৃংখলাৰ চতুর্থ তথা অন্তিম টেষ্টত জয় সাব্যস্ত কৰা মানেই নিশ্চিত হ’ব ঘৰুৱা ভাৰতে টেষ্ট বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ যুঁজত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ হোৱা
৷ টেষ্টখনত ড্র খেলিলেও ভাৰতৰ এটা সুযোগ থাকিব, অৱশ্যে এই ক্ষেত্রত অষ্ট্রেলিয়াৰ প্রদর্শনৰ প্রতি লক্ষ্য কৰিব লাগিব৷ এই পর্যন্ত দুয়ো দলৰ মাজত সম্পন্ন তিনিখন টেষ্টত ভাৰত ২-১ ব্যৱধানত আগবাঢ়ি আছে৷ বিশ্বৰ সর্বাধিক দর্শকে প্রৱেশ কৰিব পৰা পুনৰ নির্মিত ষ্টেডিয়ামৰ (পূর্বৰ মটেৰা ষ্টেডিয়াম) পিটচৰ আচৰণক লৈও আলহী ইংলিছ দলটো কিছু চিন্তাত থাকিব পাৰে৷
আনহাতে একে চিন্তা হ’ব পাৰে ভাৰতৰো৷ পুনৰ নির্মাণ কৰা ষ্টেডিয়ামটোত অনুষ্ঠিত প্রথম তথা শৃংখলাৰ তৃতীয় টেষ্ট সমাপ্ত হৈছিল মাথোঁ দুদিনতে৷ বেটছমেনৰ বধ্যভূমিত পৰিণত হোৱা মটেৰাৰ পিটচত খেল দেখুৱাইছিল স্পীনাৰে৷ স্পীন সহায়ক পিটচৰ বাবে ঘৰুৱা দলত কেইটামান সালসলনি হোৱাৰ সম্ভাৱনা নথকা নহয়৷ ব্যক্তিগত কাৰণত অন্তিম টেষ্টত বেগী বলাৰ যশপ্রীত বুমৰাহে অংশগ্রহণ নকৰাৰ সিদ্ধান্তত তেওঁৰ স্থানত মূল একাদশত উমেশ যাদৱ অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ ইফালে অ’পেনাৰ শুভমন গীলৰ স্থানত দলীয় মেনেজমেণ্টে অন্তিম টেষ্টত সুযোগ দিব পাৰে মায়ংক আগৰৱালাক৷
সুন্দৰ ফর্মত থকা উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টকো দলে জিৰণি দি ঋধিমান সাহাক মূল একাদশত অন্তিম মুহূর্তত স্থান দিলেও বিশেষ আচৰিত হ’ব লগীয়া একো নাই৷ আনহাতে, ইংলেণ্ডৰ অধিনায়ক জ’ ৰোটেও দলত সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ জেক লীচৰ লগত দ্বিতীয় স্পীনাৰ হিচাপে ৰোটে ডমিনিক বেচক মূল একাদশত সুযোগ দিয়াটো নুই কৰিব নোৱাৰি৷ এনে পৰিপ্রেক্ষিতত ষ্টুৱার্ট ব্রড বেঞ্চত বহাৰ সম্ভাৱনা আছে৷ ইফালে ভাল আৰম্ভণি দিয়াত ব্যর্থ হোৱা দলৰ টপ অ’র্ৰতো সালসলনি ঘটিব পাৰে৷ খেল পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হ’ব৷
Comments