যোৰহাট ঃ ষ্টাফ ৰিপ’র্ৰ,৩ মার্চ ঃ ‘ভাষাৰ অবিহনে এটা জাতিৰ অস্তিত্ব নাথাকে৷ পৃথিৱীৰ যি ঠাইত ভাষা হেৰাই গৈছে সেই জাতিয়েও নিজৰ অস্তিত্ব হেৰুৱাইছে৷ ভাষাৰ প্রশ্নটো কিন্তু সদায় এটা ডাঙৰ ৰাজনৈতিক বিষয় হৈ পৰিছে৷ অসম সাহিত্য সভা ৰাজনৈতিক নহয় যদিও ভাষাটো ৰাজনৈতিক কথা হৈছে৷ ভাষাটোক চৰকাৰীভাৱে স্বীকৃতি দিয়া হৈছেনে আদি বহু প্রশ্নৰ উত্তৰ ৰাজনৈতিকভাৱে পোৱা যায়৷ যিহেতুকে ভাষাটো স্বীকৃত হ’লেহে স্থায়িত্ব লাভ কৰিব৷
অসমত অসমীয়া বড়ো ভাষাৰ আনুষ্ঠানিক স্বীকৃতি আছে আৰু সেই অৱস্থা পাবলৈ পূর্বৰ সাহিত্যিক তথা নেতাসকলে বহু যুঁজ-বাগৰ কৰিবলগীয়া হৈছে৷’– আজি অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত যোৰহাট জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হোৱা গ্রন্থমেলা আৰু সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত এইদৰে কয় অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰাই৷
ভাষা এটা চৰকাৰী কাম-কাজত, আইন-আদালত আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহূত হৈছেনে নাই তাৰ ওপৰতে ভাষাটোৱে পূর্ণতা লাভ কৰে বুলি উল্লেখ কৰি সাহিত্যিকগৰাকীয়ে কয় যে ব্যৱহাৰ নহ’লে যিদৰে এটা ভাষা জীয়াই নাথাকে সেইদৰে নিজস্ব লিপি নাথাকিলেও ভাষা এটা বেছি দিন টিকি নাথাকে৷
আয়োজক সমিতিৰ সভাপতি ড০ ৰাতুল চন্দ্র বৰাই পৌৰোহিত্য কৰা সভাখনৰ উদ্বোধন কৰে ৰামায়ণী সাহিত্যৰ গৱেষিকা, সাহিত্যিক ড০ মালিনীয়ে৷ ভাষণত ড০ মালিনীয়ে কয় যে অসমত দিনক দিনে বহু উৎকৃষ্টমানৰ গ্রন্থ প্রস্তুত হৈছে৷ পাঠকে কোনখন গ্রন্থ পঢ়িব সেইটোহে নির্ধাৰণ কৰাত দিগদাৰ হৈছে৷ কিয়নো আগতে গ্রন্থসমূহ সমালোচনা কৰিছিল৷ কিন্তু এতিয়া এনে সমালোচনা নাই৷ অধ্যয়নৰ অবিহনে কোনো সাহিত্যই উৎকৃষ্টমানৰ নহয় বুলিও উল্লেখ কৰে ড০ মালিনীয়ে৷ গ্রন্থমেলাৰ দ্বাৰ উদ৲ঘাটন কৰি আগবঢ়োৱা ভাষণত বিশিষ্ট সাহিত্যিক, মৌচাকমামা শান্তনু তামুলীয়ে কয় যে অসমীয়া শিশু-সাহিত্যৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যৰ জন্ম হৈছিল৷
সাধুকথাৰ ইমান শক্তি আছে যে ই ভাষা ৰূপান্তৰ কৰিব পাৰে৷ কাৰণ শিশুৱে অতি মনোযোগেৰে ভাষা শুনে৷ ২০০৫ চনতে অসমীয়া ভাষাত বানান প্রতিযোগিতা আৰম্ভ কৰা হৈছিল বুলি উল্লেখ কৰি সাহিত্যিকগৰাকীয়ে কয় যে অসম সাহিত্য সভাই ভাষাৰ উত্তৰণৰ বাবে এনে অনুষ্ঠান গ্রামাঞ্চলত অনুষ্ঠিত কৰিব পাৰে৷ সভাখনত বিশিষ্ট অতিথিৰ ভাষণত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই সাহিত্য সভাৰ দৰে অনুষ্ঠানক নতুন পঢ়ুৱৈ সৃষ্টিত গুৰুত্ব দিবলৈ আহবান জনায়৷
অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয়ৰ সম্পাদক ৰমানন্দন বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা, সভাৰ বিষয়ববীয়া হেমেন হাজৰিকা, প্রতাপ চন্দ্র বৰুৱা আদি বহুজনে অংশগ্রহণ কৰে৷ ইফালে ইয়াৰ পূর্বে গ্রন্থমেলাৰ দ্বাৰ উদ৲ঘাটন কৰে শিশু সাহিত্যিক শান্তনু তামুলীয়ে৷ বিয়লি সাহিত্য অকাদেমিৰ সহযোগত অনুষ্ঠিত সাহিত্য চ’ৰা সঞ্চালনা কৰে ড০ ধ্রুৱজ্যোতি বৰাই৷
সমল ব্যক্তি হিচাপে ড০ ৰক্তিম ৰঞ্জন শইকীয়া, কবি কৌশিক কিশলয়, অর্ণব শইকীয়া, দিগন্ত শইকীয়া, অভিজিত বৰাই বক্তব্য আগবঢ়ায়৷ সন্ধিয়া অসম সাহিত্য সভাৰ প্রাক্তন সভাপত ড০ ধ্রুৱজ্যোতি বৰাৰ সৈতে অন্তৰংগ আলাপো অনুষ্ঠিত হয়৷ ইয়াৰ পাছতে পুৰণি গীতৰ শৰাই উদ্বোধন কৰে প্রাক্তন জিলা সভাপতি নলিনীবালা হাজৰিকাই৷ শিল্পী জয়ন্ত নাথকে ধৰি বহুগৰাকীয়ে গীত পৰিৱেশন কৰে৷
Comments