Classifieds
View All
তিনিচুকীয়া ঃ ষ্টাফ ৰিপ’র্টাৰ, ৩ মার্চ ঃ আমি চকুৰে দেখা বাহ্যিক সুন্দৰতাৰ মাজত লুকাই থাকে একোজন শিল্পীৰ অসাধাৰণ প্রতিভা৷ প্রাকৃতিক পৰিৱেশৰ বিপৰীতেও কৃত্রিম জগতত খনিকৰৰ হাতৰ পৰশত বহু জীৱন্ত ৰূপ দেখিবলৈ পোৱা যায়৷ চকুৰ পচাৰতে তৰমুজ, পেপচিকাম, গাজৰ, ৰঙালাও আদিত বিভিন্ন ছবি খোদিত কৰি ডিব্রুগড় জিলাৰ চাবুৱাৰ ৰজাবাৰী গাঁৱৰ লক্ষ্য ফুকনে নিজৰ অসাধাৰণ প্রতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে
শিল্পীগৰাকীৰ হাতৰ পৰশত ভগৱানৰ ছবি, শুভেচছা বার্তা, ফুল, ফল আদি নানা প্রকাৰৰ ছবি তৰমুজ আৰু ৰঙালাওত প্রাণ পাই উঠিছে৷ প্রচাৰবিমুখ এইগৰাকী শিল্পীয়ে তিনিচুকীয়াৰ এখন ৰিজ’র্টত কর্মচাৰী ৰূপে থাকি পৰিয়াল পোহপাল দি অহাৰ উপৰি বহু বিবাহ উৎসৱত দর্শক তথা খাদ্যৰ জুতি লোৱা ব্যক্তিৰ মাজত সমাদৰ লাভ কৰিছে৷
Comments