বাইহাটা চাৰিআলি ঃ নিজা প্রতিবেদক, ৩ মার্চ ঃ কামৰূপ জিলাৰ ক্ষুদ্র হাজাৰা গাঁৱৰ তিলকৰ চ’কত আজি এক ব্যতিক্রমী প্রয়াসেৰে এখন শিশু বিদ্যালয় ঘনশ্যাম-আইকন প্লে স্কুলৰ দ্বাৰ উদ৲ঘাটন কৰা হয়৷ পুথিভঁৰালৰ লগতে সংগ্রহালয় স্থাপন আৰু বিদ্যালয়খনৰ চৌহদত দেশৰ লগতে ৰাজ্যৰ গুণী-জ্ঞানী ব্যক্তিসকলৰ ফটো সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷ গুণী-জ্ঞানী ব্যক্তিসকলৰ ভিতৰত বিশেষকৈ পদ্মশ্রী, পদ্মবিভূষণ বঁটা পোৱাসকলৰ ছবি, ভাৰতৰ প্রধানমন্ত্রীসকলৰ লগতে মুখ্যমন্ত্রীসকলৰ ছবি কার্যক্রমণিকা অনুসৰি স্থাপন কৰা হৈছে৷
এই ছবিসমূহে ছাত্র-ছাত্রীসকলৰ মন-মগজুত প্রতিদিনে ক্রিয়া কৰাৰ লগতে স্মৰণ শক্তি বৃদ্ধি পাব বুলি উল্লেখ কৰিছে শিশু বিদ্যালয়খনৰ নৱনিযুক্ত অধ্যক্ষ জয়জ্যোতি ডেকাই৷ আনহাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সঞ্চালক উদয় ডেকাই বিদ্যালয়খনৰ ব্যতিক্রমী সংগ্রহালয়টো সম্পর্কে কয় যে স্থানীয় ৰাইজৰ দান-বৰঙনিৰে সংগ্রহালয়টো নির্মাণ কৰা হৈছে৷ বিশেষকৈ থলুৱা আপুৰুগীয়া সম্পদসমূহেৰে সংগ্রহালয়টো নির্মাণ কৰা হৈছে৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ ডিব্রুগড় জিলা শাখাৰ সভাপতি কুল হাজৰিকাই উদ্বোধন কৰা সংগ্রহালয়টোত তাঁতশালৰ মহুৰাৰ পৰা আৰম্ভ কৰি প্রাক৲-স্বাধীনতা কালৰ পাটী-পইচা পর্যন্ত সংগ্রহালয়টোত সংৰক্ষণ কৰি ৰখা হৈছে৷
ইয়াৰ উদ্দেশ্য হৈছে শিশুসকলক আপুৰুগীয়া সম্পদসমূহৰ সৈতে পৰিচয় কৰাই দিয়া৷ বিজ্ঞান-প্রযুক্তিৰ জয়যাত্রাৰ ফলত চহা সমাজ জীৱনৰ পৰা ক্রমাৎ বিলুপ্ত হোৱা মুদ্রা, সামগ্রী সংৰক্ষণৰ পুৰণি ব্যৱস্থা, সাঁচিপাত আদি অলেখ সামগ্রী সংৰক্ষণৰ ব্যৱস্থা কৰি বিদ্যালয় কর্তৃপক্ষই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ তদুপৰি বিদ্যালয়খনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচার্য কমলাকান্ত গগৈ৷ পদাধিকাৰগৰাকীয়ে বিদ্যালয়খনৰ উন্মোচনী দ্বাৰৰ ফিতা কাটি শুভ উদ্বোধন কৰে৷
ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত পদাধিকাৰ গগৈয়ে শ্রীমন্ত শংকৰদেৱৰ আদর্শৰাজি আৰু কর্মৰাজি সম্পর্কে দীঘলীয়া বক্তব্য আগবঢ়ায়৷ ভাষণত তেওঁ উল্লেখ কৰে যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নাম-কীর্তন, ভাগৱত প্রার্থনাৰ জৰিয়তে যোগৰ সৃষ্টি কৰি ভকতবৃন্দৰ লগতে সেইসময়ৰ অসমীয়া সমাজখনক ৰোগ-ব্যধিৰ পৰা আঁতৰত ৰাখিবলৈ সক্ষম হৈছিল৷
উল্লেখযোগ্য যে সভাৰ অন্তত সমাগত বিধানসভাৰ নির্বাচনত শংকৰ সংঘৰ ভূমিকা সম্পর্কে উপস্থিত সাংবাদিকসকলে সোধা এটা প্রশ্নৰ উত্তৰত পদাধিকাৰগৰাকীয়ে কয় যে আমাৰ ভূমিকা নিৰপেক্ষ৷ আমি নির্দিষ্ট কোনো দলক সমর্থন কৰাৰ প্রশ্নই নাহে৷ নিজৰ নিজৰ গণতান্ত্রিক অধিকাৰ ভোটাৰসকলে নিজে সাব্যস্ত কৰিব৷ তাত আমাৰ ক’বলগীয়া নাই৷ কোনে কাক সমর্থন কৰে, বিৰোধ কৰে সেয়া সম্পূর্ণ ব্যক্তিগত কথা৷
Comments