গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৩ মার্চক্তঃ কাইলৈ ঘোষণা হ’ব কংগ্রেছৰ প্রার্থী তালিকা৷ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে কাইলৈ বিয়লিৰ ভিতৰত কংগ্রেছে দিল্লীৰ পৰা প্রকাশ কৰিব প্রথমখন প্রার্থী তালিকা৷ আজি প্রার্থী বাছনিৰ সন্দর্ভত কংগ্রেছে অনুষ্ঠিত কৰে দুখনকৈ হাই ভল্টেজ বৈঠক৷ নির্বাচনী সমিতিৰ বৈঠকত প্রার্থী তালিকা প্রস্তুতৰ পাছত স্ত্রুীনিং কমিটীয়ে প্রায় চূড়ান্ত কৰিছে সমষ্টি-ভিত্তিক প্রার্থীৰ নাম৷
লক্ষণীয় কথাটো হ’ল এইবাৰ কংগ্রেছৰ তালিকাত হস্তক্ষেপ কৰা নাই হাইকমাণ্ডে৷ বিগত নির্বাচনসমূহত প্রার্থিত্ব বাচাৰি অসমৰ কংগ্রেছী নেতাই দিল্লীত ভিৰ কৰাৰ পৰিৱেশ এইবাৰ পৰিলক্ষিত হোৱা নাই৷ বহু সংখ্যক প্রার্থিত্বপ্রয়াসীয়ে তত্ত্বাৱধায়ক জিতেন্দ্র সিং, পর্যবেক্ষক ভূপেশ বাঘেল আৰু প্রদেশ কংগ্রেছৰ নেতৃত্বক প্রভাাৱিত কৰিবলৈ উঠিপৰি লাগিছে৷ আজি গ্রীনউড ৰিজ’র্টত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ নির্বাচনী সমিতিৰ বৈঠকৰ সময়ত বহু সংখ্যক প্রার্থিত্বপ্রয়াসীয়ে ভিৰ কৰে৷ সম্পূর্ণ চাৰি ঘণ্টা ধৰি গ্রীন উড ৰিজ’র্টত অনুষ্ঠিত হয় প্রদেশ কংগ্রেছ কমিটীৰ নির্বাচনী সমিতিৰ বৈঠক৷
উক্ত বৈঠকত প্রথম পর্যায়ৰ নির্বাচনৰ বাবে আৱেদন কৰা প্রার্থীসকলৰ মাজৰ পৰা তালিকা প্রস্তুত কৰা হয়৷ এ আই চি চিৰ তত্ত্বাৱধায়কে ইতিপূর্বে সংগ্রহ কৰা সমষ্টি-ভিত্তিক প্রতিবেদন৷ গোপন সমীক্ষা, তৃণমূল কর্মীৰ মতামত আদিৰ ওপৰত ভিত্তি কৰি আৱেদনকাৰীসকলৰ মাজৰ পৰা গ্রহণযোগ্য মুখ তালিকাভুক্ত কৰিছে নির্বাচন সমিতিয়ে৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে আজি কয় যে সমষ্টিত গণভিত্তি আৰু জনপ্রিয়তা থকা প্রার্থীকহে অগ্রাধিকাৰ দিয়া হৈছে৷ হঠাৎ জঁপিয়াই পৰাজনক বাছনি কৰা নহ’ব৷
ব্লক আৰু জিলা কংগ্রেছ কমিটীৰ মতামতকো গুৰুত্ব দিয়া হৈছে বুলি কয় জিতেন্দ্র সিঙে৷ উল্লেখযোগ্য যে বিয়লি চাৰি বজালৈ নির্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া তাজ ভিভান্তাত অনুষ্ঠিত হয় স্ত্রুীনিং কমিটীৰ বৈঠক৷ স্ত্রুীনিং কমিটীৰ অধ্যক্ষ পৃথ্বীৰাজ চাৱনৰ উপৰি সদস্য কমলেশ্বৰ পেটেল, নৰেশ আৰোৰা, দীপিকা পাণ্ডে সিং, বিকাশ উপাধ্যায়, জিতেন্দ্র সিং, ৰিপুন বৰা, দেৱব্রত শইকীয়া, গৌৰৱ গগৈ আদিয়ে উক্ত বৈঠকত অংশগ্রহণ কৰে৷ নিশা পর্যন্ত চলে কংগ্রেছৰ স্ত্রুীনিং কমিটীৰ ৰুদ্ধদ্বাৰ বৈঠক৷
উক্ত বৈঠকতে প্রার্থিত্ব প্রয়াসীৰ তালিকা চমু কৰি চূড়ান্ত ছীল-মোহৰ মাৰিবলৈ কাইলৈ পুৱা দিল্লীলৈ নিয়াৰ বাবে সাজু কৰা হয় বুলি জানিব পৰা গৈছে৷ স্ত্রুীনিং কমিটীয়ে যুগুত কৰা তালিকা এ আই চি চিৰ নির্বাচনী কমিটীলৈ প্রেৰণ কৰা হ’ব৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই জনোৱা অনুসৰি কাইলৈ পুৱা স্ত্রুীনিং কমিটীৰ আন এখন বৈঠক অনুষ্ঠিত হ’ব৷ তাৰ পাছত হাইকমাণ্ডৰ অনুমোদনৰ বাবে কাইলৈ দিল্লীলৈ তালিকাসহ ৰাওনা হ’ব প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা আৰু জিতেন্দ্র সিং৷ এ আই চি চিৰ নির্বাচনী কমিটীয়ে চূড়ান্ত কৰাৰ প্রার্থী তালিকাক হাইকমাণ্ডে অনুমোদন জনোৱাৰ পাছত কাইলৈ সন্ধিয়া কিম্বা ৫ মার্চৰ পুৱা কংগ্রেছৰ প্রার্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷
Comments