ডিব্রুগড় ঃ ষ্টাফ ৰিপ’র্ৰ, ৩ মার্চক্তঃ উজনি অসমৰ অন্যতম ডিব্রুগড় জিলাৰ মুঠ সাতটা (ডিব্রুগড়, লাহোৱাল, মৰাণ, টিংখাং, নাহৰকটীয়া, চাবুৱা আৰু দুলীয়াজান) বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহৰ নির্বাচনকেন্দ্রিক তৎপৰতা ইতিমধ্যে বৃদ্ধি পাইছে৷ এই সাতটা বিধানসভা সমষ্টিয়েই শাসনাধিষ্ঠিত মিত্রজোঁটৰ অধীনত আছে৷ নাহৰকটীয়া সমষ্টি অগপৰ দখলত থকাৰ বিপৰীতে বাকী ছটা সমষ্টি বিজেপিৰ দখলত আছে৷
উজনি অসমৰ জিলাসমূহৰ অন্তর্গত বিধানসভা সমষ্টিসমূহৰ ওপৰতেই বিজেপি দলৰ ভাগ্য আগন্তুক নির্বাচনত কি হ’ব, সেয়া নির্ণয় কৰিব৷ পূর্বে ডিব্রুগড় জিলাৰ ৭টা সমষ্টিতে কংগ্রেছ দলৰ ভেটি সুদৃঢ় আছিল যদিও ২০১৬ চনৰ পিছত এই ভেটি খহিল৷ ডিব্রুগড় বিধানসভা সমষ্টিত বিগত তিনিটা কার্যকালত (১৫ বছৰে) বিজেপিৰ দখলত আছে৷ বিধায়ক প্রশান্ত ফুকনৰ এই কার্যকালত সমষ্টিত সামগ্রিক উন্নয়ন যথেষ্ট হৈছে যদিও প্রার্থিত্বকেন্দ্রিক কিছু সংঘাত আছে৷ এইবাৰ কোনে প্রার্থিত্ব পাব তাক লৈ অলেখ জল্পনা-কল্পনা চলি আছে৷
ডিব্রুগড় সমষ্টিৰ বাবে প্রশান্ত ফুকন বিজেপিৰ শক্তিশালী দাবীদাৰ তাত কোনো সন্দেহ নাই৷ আজিৰ তাৰিখত ফুকন প্রার্থিত্বপ্রত্যাশীৰ তালিকাত শীর্ষত আছে যদিও আনকেইবাগৰাকীয়ে দলীয় টিকট বিচাৰিছে৷ এইসকল হৈছে ক্রমে ৰাজ্যিক বিজেপিৰ উপ-সভানেত্রী ড০ হেমপ্রভা বৰঠাকুৰ, প্রাক্তন আছু নেতা তথা বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য উজ্জ্বল ফুকন, চিকিৎসক সৈকত পাত্র, জিলা সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল কাশ্যপ আৰু ভাস্কৰ পাপুকণ গগৈ৷ আনহাতে, কংগ্রেছ দলেও হূত গৌৰৱ উদ্ধাৰৰ লক্ষ্যৰে ডিব্রুগড় সমষ্টিত শক্তিশালী প্রার্থী প্রদানৰ পৰিকল্পনা কৰিছে৷
এতিয়ালৈকে কংগ্রেছৰ প্রার্থিত্বপ্রত্যাশীৰ তালিকাত থকাসকলৰ ভিতৰত আছে ডিব্রুগড় জিলা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা যুৱনেতা ৰাজকুমাৰ নীলনেত্র নেওগ, ৰঞ্জিত বৰুৱা, ৱার্ড কমিছনাৰ ৰঞ্জিত চেতিয়া, ভাষিক সংখ্যালঘু নেতা সঞ্জীৱ শূৰ আৰু পুতুল কোঁৱৰ৷ এইসকলৰ ভিতৰত যুৱনেতা ৰাজকুমাৰ নীল নেত্র নেওগৰ নাম অধিক চর্ত আছে৷ আনহাতে, নতুনকৈ গঠন হোৱা দুই আঞ্চলিক দল ক্রমে অসম জাতীয় পৰিষদ (এজেপি) আৰু ৰাইজৰ দলেও প্রার্থিত্ব প্রদানৰ কুচকাৱাজ চলাইছে যদিও প্রাক৲-নির্বাচনী মিত্রতা হ’লে এটা দলেহে ডিব্রুগড় সমষ্টিত প্রার্থিত্ব প্রদান কৰিব৷
এজেপিৰ হৈ ডিব্রুগড় সমষ্টিৰ বাবে মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ দিলীপ ভূঞা, অধিবক্তা অজিত বৰগোহাঁই, সীমান্ত বৰদলৈ, টেঙাখাত মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষা কিৰণ বৰা, প্রিতাঞ্জলি মেধি শর্মা আৰু ডেইজী য়েন লহকৰে প্রার্থিত্বৰ বাবে আৱেদন কৰিছে৷ সেইদৰে ৰাইজৰ দলৰ হৈ ডিব্রুগড় সমষ্টিৰ বাবে মুকুল আহোম আৰু হিৰণময়ী বৰগোহাঁয়ে প্রার্থিত্বৰ বাবে আৱেদন কৰিছে বুলি জানিব পৰা গৈছে৷ ইফালে বিজেপিৰ দখলত থকা মৰাণ বিধানসভা সমষ্টিত এইবাৰ প্রার্থিত্বৰ দৌৰত কেইবাগৰাকী যুৱ নেতা অৱতীর্ণ হৈছে৷
বিজেপি বিধায়ক চক্রধৰ গগৈয়ে পুনৰ প্রার্থিত্ব বিচৰাটো স্বাভাৱিক যদিও এইবাৰ দলে তেওঁৰ ‘ৰিপ’র্ট কার্ড’ চাই প্রার্থিত্বৰ পৰা বঞ্চিত কৰিলেও আচৰিত হ’বলগীয়া নহ’ব৷ মৰাণত ‘চিটিং-গেটিং’ ফর্মূলা নীখাটিবও পাৰে৷ এইবাৰ মৰাণ সমষ্টিৰ বাবে প্রার্থিত্বপ্রত্যাশীৰ তালিকাত থকাসকলৰ ভিতৰত অন্যতম হ’ল– ডিব্রুগড় জিলা উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ তথা যুৱ নেতা অসীম হাজৰিকা, সমষ্টিৰ অন্যতম বলিষ্ঠ নেতা অদ্যুত ফুকন, ৰাজ্যিক মুখপাত্র সুভাষ দত্ত, অ’ বি চি ব’র্ডৰ চেয়াৰমেন প্রশান্ত (প্রিন্স) গগৈ, আই টি ডি পিৰ চেয়াৰমেন স্বর্ণ শইকীয়া আৰু যুৱনেতা পৰাগ দত্ত৷
আনহাতে, মৰাণ সমষ্টিৰ বাবে কংগ্রেছ দলৰো প্রার্থিত্বক লৈ তৎপৰতা বৃদ্ধি হৈছে৷ দলৰ হৈ অসম প্রদেশ কংগ্রেছৰ প্রার্থী তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ পুত্র প্রাঞ্জল ঘাটোৱাৰ শক্তিশালী দাবীদাৰ হিচাপে বিবেচিত হৈছে৷ পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ ধাৰা অব্যাহত ৰখাৰ স্বার্থত গান্ধী পৰিয়ালৰ ঘনিষ্ঠ পৱন সিং ঘাটোৱাৰে পুত্রৰ ৰাজনৈতিক অভিষেকৰ বাবে তৎপৰ হৈ পৰিছে৷
প্রাঞ্জলেও ইতিমধ্যে ৰাইজৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছে৷ তদুপৰি ডিব্রুগড় জিলা কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক, নিকা ভাবমূর্তিৰ যুৱনেতা বিজিত সন্দিকৈ, মৰাণৰ প্রাক্তন বিধায়ক প্রয়াত জয়চন্দ্র নাগবংশীৰ কন্যা নিতু নাগবংশী, জিলা কংগ্রেছৰ উপ-সভাপতি তথা জিলা পৰিষদৰ প্রাক্তন অধ্যক্ষ হেম ফুকন প্রার্থিত্বৰ দৌৰত আছে৷ এই সমষ্টিত অসম গণ পৰিষদৰ হৈ শক্তিশালী যুৱ নেতা তথা দলৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি সুনীল ৰাজকোঁৱৰেও প্রার্থিত্ব বিচাৰিছে বুলি জানিব পৰা গৈছে৷
অসম জাতীয় পৰিষদৰ হৈ আদিবাসী ছাত্র সন্থাৰ (আছা) প্রাক্তন কেন্দ্রীয় সভাপতি ৰাফেল কুজুৰ শক্তিশালী দাবীদাৰ হিচাপে গণ্য হৈছে৷ মৰাণ সমষ্টিৰ বাবে এজেপিৰ হৈ প্রাক্তন আছুনেতা সঞ্জীৱ চাংমাই আৰু পলাশ ৰঞ্জন বৰুৱাই প্রার্থিত্বৰ বাবে আৱেদন কৰিছে৷ সেইদৰে মৰাণ সমষ্টিৰ বাবে ৰাইজৰ দলৰ হৈ উপ-সভাপতিদ্বয় ক্রমে মোহিনী মোহন লিগিৰা আৰু দীপক শইকীয়াই প্রার্থিত্বৰ বাবে আৱেদন কৰিছে৷ বিজেপিৰ দখলত থকা লাহোৱাল সমষ্টিৰ বাবে বিধায়ক ঋতুপর্ণ বৰুৱাই শক্তিশালী দাবীদাৰ যদিও প্রাক্তন আটছা নেতা অশোক ওৰাঙেও আৱেদন দিছে বুলি জানিব পৰা গৈছে৷
কংগ্রেছৰ প্রার্থিত্বৰ দাবীদাৰৰূপে অৱতীর্ণ হৈছে বর্ষীয়ান চাহ জনগোষ্ঠীয় নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী পৃথ্বি মাঝি আৰু ডিগবৈ সমষ্টিৰ প্রাক্তন বিধায়ক প্রয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্র মনোজ ধানোৱাৰে৷ মানেজ ধানোৱাৰে ইতিমধ্যেই লাহোৱাল সমষ্টিৰ বাগিচাই বাগিচাই ব্যাপকভাৱে ঘূৰা- মেলা কৰি থকা পৰিলক্ষিত হৈছে৷ ভাগ্য কাৰ সুপ্রসন্ন হ’ব সেয়া দুই-এদিনতে পৰিষ্কাৰ হ’ব৷ অসম জাতীয় পৰিষদৰ হৈ প্রাক্তন আছুনেতা লিখন বৰুৱাই প্রার্থিত্বৰ বাবে আৱেদন কৰিছে৷ ৰাইজৰ দলৰ হৈ গৌৰীশংকৰ দাসে প্রার্থিত্ব বিচাৰিছে৷
টিংখাং সমষ্টিৰ বাবে বিজেপিৰ প্রার্থী হিচাপে শক্তিশালী দাবীদাৰ হৈছে বিধায়ক বিমল বড়া৷ মুখ্যমন্ত্রীৰ অতি ঘনিষ্ঠ বিধায়ক বড়াই বিধায়কৰ প্রথমটো কার্যকালত সমষ্টি উন্নয়নত যথেষ্ট কাম কৰাৰ উপৰি ৰাইজৰ মাজত জনপ্রিয়৷ তেওঁৰ প্রার্থিত্ব প্রায় খাটাং বুলিয়েই জানিব পৰা গৈছে৷ কংগ্রেছ দলৰ প্রার্থিত্বৰ তালিকাত এইবাৰ প্রাক্তন মন্ত্রী এটোৱা মুণ্ডাক প্রত্যাহ্বান জনাইছে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ বিশেষ কর্তব্যৰক্ষী বিষয়া (অ’ এছ ডি) বিপুল গগৈয়ে৷ এটোৱা মুণ্ডাই প্রার্থিত্ব বিচাৰিছে যদিও পৱন সিং ঘাটোৱাৰৰ সৈতে থকা শীতল যুদ্ধই তেওঁক শ’লঠেকত পেলাইছে৷
মূৰকত প্রাক্তন মন্ত্রী মুণ্ডাই দলীয় টিকট নাপালেও আচৰিত হ’বলগীয়া একো নাই৷ আনহাতে, শক্তিশালী দাবীদাৰৰ ৰূপত থিয় হোৱা নিকা ভাবমূর্তিৰ বিপুল গগৈ সমষ্টিত ব্যাপকভাৱে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ এই সমষ্টিত অসম জাতীয় পৰিষদৰ হৈ প্রাক্তন আছু নেতা শোভাকৰণ কোহাঞি আৰু সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী মিলন সোণোৱালে প্রার্থিত্ব বিচাৰিছে৷ ৰাইজৰ দলৰ হৈ প্রার্থিত্ব কোনে বিচাৰিছে এতিয়াও স্পষ্ট হোৱা নাই৷ আগন্তুক নির্বাচনত চাবুৱা আৰু নাহৰকটীয়া সমষ্টিত মিত্রজোঁটৰ (বিজেপি-অগপ) কোনটো দলে ক’ত প্রার্থিত্ব প্রদান কৰিব তাক লৈ সৰৱ চর্ চলি আছে৷
বিজেপিৰ দখলত থকা চাবুৱা সমষ্টি এইবাৰ অগপ দলে বিচাৰিছে৷ তাৰ পৰিৱর্তে অগপৰ দখলত থকা নাহৰকটীয়া সমষ্টিটোত বিজেপিয়ে প্রার্থিত্ব দিব পাৰে৷ এতিয়াও নিশ্চিত হোৱা নাই যদিও চাবুৱা সমষ্টি বিজেপিয়ে এৰি দিলে বিধায়ক বিনোদ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ প্রশ্ন উত্থাপন হ’ব৷ কাৰণ এইবাৰ অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম হাইড্রকার্বন আৰু এনার্জী লিমিটেডৰ অধ্যক্ষ পোনাকণ বৰুৱাই চাবুৱা সমষ্টিৰ পৰা প্রতিনিধিত্ব কৰাৰ যো-জা চলাইছে৷
অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্রী অতুল বৰাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বৰুৱাই ইতিমধ্যে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে৷ যদিহে কৃষি মন্ত্রী অতুল বৰাই অগপৰ সাধাৰণ সম্পাদকগৰাকীৰ বাবে আসনখন সুৰক্ষিত কৰিব নোৱাৰে, তেন্তে আঞ্চলিকতাবাদী দলটোৰ সাংগঠনিক ভেটি আৰু সভাপতিৰ আসনখনৰ মর্যাদাৰ কথা আছে৷ এনে প্রেক্ষাপটত বিধায়ক বিনোদ হাজৰিকা শ’লঠেকত পৰাৰ সম্ভাৱনা আছে৷ আনহাতে, চাবুৱা সমষ্টিত কংগ্রেছ দলৰ বাবে ডিব্রুগড় জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক দিগন্ত হাজৰিকা, জিলা পৰিষদৰ প্রাক্তন সদস্য তথা ঘাটোৱাৰৰ ঘনিষ্ঠ মীনা তেলী, তিনিচুকীয়া নগৰ উন্নয়ন প্রাধিকৰণৰ প্রাক্তন সভাপতি প্রণৱ বৰুৱা, কংগ্রেছৰ ৰাজ্যিক অ’ বি চি কোষৰ সভাপতি নোমল বৰা, শিল্পী অজয় ফুকন প্রার্থিত্বৰ দাবীদাৰ৷
চাবুৱা সমষ্টিৰ প্রাক্তন বিধায়ক, চাহ জনগোষ্ঠীয় নেতা ৰাজু চাহুৱে ইতিমধ্যে নিজ সমষ্টিত গণ ভেটি হেৰুৱাই পেলোৱাত চাহুৱে এইবাৰ তিনিচুকীয়া সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰিছে৷ আনহাতে, ৰাইজৰ দলৰ হৈ এইবাৰ অগপ চৰকাৰৰ প্রাক্তন মন্ত্রী ভবেন বৰুৱাই প্রার্থিত্ব আগবঢ়োৱাৰ আশা আছে৷ অসম জাতীয় পৰিষদৰ হৈ চাবুৱা সমষ্টিৰ বাবে শৈলেন বৰুৱা আৰু প্রকাশ তাঁতীয়ে আৱেদন কৰিছে৷ ইফালে, নাহৰকটীয়া সমষ্টিত যদিহে বিজেপিয়ে প্রার্থিত্ব প্রদানৰ সুবিধা পায়, তেন্তে নির্বাচনী যুঁজখন আকর্ষণীয় হৈ পৰিব৷
কাৰণ এই সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উঠাৰ সম্ভাৱনা আছে৷ যদিহে লুৰীণ ইতিমধ্যে চর্চিত দুলীয়াজান আৰু নাহৰকটীয়াৰ পৰা প্রতিদ্বন্দ্বিতা কৰে, তেন্তে প্রতিদ্বন্দ্বিতা তিনিকোণীয়া হৈ পৰিব৷ অগপৰ দখলত থকা সমষ্টিটোত যদি বিজেপিয়ে প্রার্থিত্ব প্রদান কৰে তেন্তে বিধায়ক নৰেন (বতালী) সোণোৱাল নির্দলীয় প্রার্থী হিচাপেও থিয় হৈ দিব পাৰে৷ আনহাতে, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই উজনিত নিজৰ মানুহ বহুওৱাৰ চিন্তা-চর্ কৰি নাহৰকটীয়াত যুৱনেতা তৰংগ গগৈক টিকট প্রদান কৰিব পাৰে৷
যুৱনেতা তৰংগই টিকট পালে বিজেপিৰ প্রার্থিত্বৰ অন্যতম দাবীদাৰ মুখ্যমন্ত্রীৰ ঘনিষ্ঠ তথা সমাজকর্মী ৰণজিত বৰুৱা, অসম পেট্রকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, পুৰণা বিজেপি নেতা তথা এসময়ৰ নাহৰকটীয়া টাউন কমিটীৰ প্রাক্তন উপ-সভাপতি অমূল্য চেংলাৰীয়ে বিসম্বাদ কৰিব পাৰে৷ কংগ্রেছৰ উক্ত সমষ্টিৰ শক্তিশালী দাবীদাৰ হৈছে প্রাক্তন মন্ত্রী প্রণতি ফুকন৷ মূৰকত তেৱেঁই কংগ্রেছৰ প্রার্থিত্ব লাভৰ আশা আছে৷ লুৰীণজ্যোতিয়ে যদিহে নাহৰকটীয়াৰ পৰা প্রতিদ্বন্দ্বিতা নকৰে, তেন্তে অসম জাতীয় পৰিষদৰ প্রার্থী হ’ব অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ প্রাক্তন নেতা তথা স্থানীয় যুৱ নেতা চন্দন সন্দিকৈ৷
এতিয়া আহিছোঁ দুলীয়াজান সমষ্টিলৈ৷ এই সমষ্টিটোৰ ক্ষেত্রত ৰাজনৈতিক মহলৰ চকু নিবদ্ধ হৈ থাকিব৷ কাৰণ বিজেপিৰ দখলত থকা এই সমষ্টিটোৰ পৰা লুৰীণজ্যোতি গগৈয়ে জাতীয় পৰিষদৰ হৈ প্রতিদ্বন্দ্বিতা কৰাটো প্রায় নিশ্চিত হৈছে৷ লুৰীণৰ ৰাজনৈতিক ভৱিষ্যৎ এই সমষ্টিটোৰ ওপৰতে নির্ভৰ কৰিছে৷ কি হ’ব তেওঁৰ ভৱিষ্যৎ? বিজেপিয়ে এই সমষ্টিটোৰ পৰা বিধায়ক তেৰছ গোৱালাক প্রার্থিত্ব প্রদান কৰিব নে নাই, সেয়া লক্ষণীয় হৈ পৰিছে৷ কাৰণ বিধায়ক তেৰছৰ সৈতে সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ সম্পর্ক মধুৰ নহয়৷ দুয়োৰে মাজত এক শীতল যুদ্ধ চলি আছে৷
দুলীয়াজানৰ বাবে ডিব্রুগড় জিলা কংগ্রেছৰ প্রাক্তন সভাপতি তথা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্র গগৈ আৰু ৰাজকুমাৰ চেতিয়াই প্রার্থিত্বৰ বাবে আৱেদন কৰিছে৷ কংগ্রেছৰ হৈ সমষ্টিৰ পৰা বিগত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা যুৱনেতা ধ্রুৱজ্যোতি গগৈ আৰু যুৱ কগ্রেছী বিপুল ৰাভাই প্রার্থিত্ব বিচাৰিছে৷ লুৰীণজ্যোতি ৰণক্ষেত্রত অৱতীর্ণ হ’লে বিজেপিৰ দখলত থকা সমষ্টিটোত ৰাজনৈতিক সমীকৰণ কেনে হ’ব সেই কথা সময়ৰ ওপৰত নির্ভৰশীল৷ কাৰণ উজনি অসমৰ সমষ্টিসমূহৰ ওপৰতে বিজেপিৰ দৃষ্টি অধিক নিবদ্ধ হৈ আছে৷
Comments