গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৩ মার্চ ঃ পাঁচখন আসন এৰা-ধৰাৰ প্রক্রিয়াৰে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা হোৱাই নহয়, প্রার্থীও চূড়ান্ত হৈছে৷ কাইলৈ বিজেপিৰ ৰাষ্ট্রীয় কমিটীয়ে অসমৰ বিজেপিৰ প্রার্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ জানিব পৰা মতে আসন ভাগ-বাটোৱাৰাৰ নামত বিজেপিয়ে দখলত থকা পাঁচখন আসন অগপক এৰি দিয়াৰ বিপৰীতে অগপৰ দখলত থকা পাঁচখন আসনত এইবাৰ বিজেপিয়ে প্রার্থিত্ব আগবঢ়াব৷
অগপই নিজৰ দখলত ৰখা পাঁচখন আসন বিজেপিক এৰি দিব বিচৰা নাছিল যদিও বিজেপিয়ে দখলত ৰখা পাঁচখন আসন এৰি দিবলৈ সন্মত হোৱাত অৱশেষত বিজেপিৰ সেই প্রস্তাৱ অগপই মানিবলৈ বাধ্য হয়৷ কিন্তু কোনকেইখন আসন অগপই বিজেপিক আৰু কোনকেইখন আসন বিজেপিয়ে অগপক এৰি দিছে?
এই সন্দর্ভত কোনো এটা দলে আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে বিজেপিয়ে দখলত থকা ছিপাঝাৰ, হাজো, পলাশবাৰী, ৰহা আৰু চাবুৱা অগপক এৰি দিছে৷ বিপৰীতে অগপৰ দখলত থকা নাহৰকটীয়া, লখিমপুৰ, কমলপুৰ আৰু পাটাছাৰকুছিত বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ অগপই কমলপুৰ, পাটাছাৰকুছি আৰু নাহৰকটীয়া সমষ্টি এৰি দিব বিচৰা নাছিল যদিও বিগ ব্রাদার্ছ বিজেপিয়ে নিজৰ দাবী অক্ষুণ্ণ ৰাখি কেইবাটাও সমষ্টিত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ বাধ্য হ’ব বুলি একপ্রকাৰ স্থিতি স্পষ্ট কৰাত অন্তিম সময়ত অগপয়ো সহমত পোষণ কৰিছে৷
অর্থাৎ বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ অনুমোদন বিচাৰি বিজেপি-অগপৰ প্রতিনিধি দিল্লীলৈ যাত্রা কৰাৰ পূর্বে আজি পুৱাৰ ভাগতেই দল দুটাৰ মাজত আসন ভাগ-বাটোৱাৰা চূড়ান্ত হয়৷ অৱশ্যে অগপই এৰি দিব নিবিচৰা সমষ্টিৰ ক্ষেত্রত বিজেপিয়ে জোৰ দিয়া বাবে অগপ নেতৃত্বৰ মাজত কিছু পৰিমাণে অসন্তুষ্টি দেখা দিয়ে৷
গুৱাহাটীতেই আসনৰ ভাগ-বাটোৱাৰা নিশ্চিত কৰি দুপৰীয়া দুয়োটা দলৰ নেতৃত্ব বিমানযোগে দিল্লীলৈ ৰাওনা হয় আৰু দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডাৰ সৈতে আলোচনাত মিলিত হৈ আসন ভাগ-বাটোৱাৰাৰ চূড়ান্ত সিদ্ধান্তত ছীল-মোহৰ মাৰে৷ অমিত শ্বাহৰ চৰকাৰী বাসগৃহত হোৱা আলোচনাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাৰ লগতে দলৰ ৰাষ্ট্রীয় নেতা অজয় জামুৱাল আৰু অসমৰ দায়িত্বত থকা বৈজয়ন্ত জয় পাণ্ডা উপস্থিত থাকে৷
আনহাতে মিত্রদল অগপৰ হৈ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য উপস্থিত থকা বুলি জানিব পৰা গৈছে৷ অগপৰ নেতৃত্বই কাইলৈ গুৱাহাটীলৈ উভতি আহি প্রতিদ্বন্দ্বিতা আগবঢ়াব লগা সমষ্টি আৰু প্রার্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিপৰীতে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই কাইলৈ সন্ধিয়া বা পৰহিলৈ প্রার্থীৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই জানিবলৈ দিছে৷
বিজেপিৰ প্রার্থীৰ তালিকাক লৈ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডা আৰু গৃহ মন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনা হোৱাৰ উপৰি সংসদীয় ব’র্ডৰ সভাইহে চূড়ান্ত অনুমোদন জনাব বাবে অনুমোদিত তালিকা আজি প্রকাশ হোৱাৰ সম্ভাৱনা নাই৷ ইফালে আজি নিশা ইউ পি পি এলৰ সৈতে আসন বুজাবুজিৰ সিদ্ধান্তও ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে আলোচনা কৰি বিজেপিয়ে চূড়ান্ত কৰিছে৷
Comments