গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৩ মার্চ ঃ বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সংকটত পৰিছে ৰাইজৰ দল৷ দলটোৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি অহা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে আজি উক্ত পদ ত্যাগ কৰে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আদর্শ অমিল হোৱা বাবে তেওঁ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰা বুলি ইতিমধ্যে প্রকাশ কৰিছে৷
আনহাতে, তেওঁৰ আকস্মিক পদত্যাগে শ’লঠেকত পেলাইছে ৰাইজৰ দলক৷ লক্ষণীয় যে কেইদিনমান পূর্বে বিশিষ্ট বুদ্ধিজীৱীজনে বিজেপিৰ বিৰুদ্ধে সকলো দলকে একত্রিত হ’বলৈ আহবান জনাইছিল৷ লগতে ৰাইজক বিজেপিক ভোট দিয়াৰ পূর্বে অসম আৰু অসমীয়াৰ বিৰুদ্ধে দলটোৱে কৰা কামবোৰ এবাৰ বিশ্লেষণ কৰাৰ আহবান জনাইছিল৷ প্রণিধানযোগ্য যে ড০ গোহঁায়ে এ আই ইউ ডি এফ দল সাম্প্রদায়িক নহয় বুলিও পূর্বে মত পোষণ কৰি বিজেপিৰ বিৰুদ্ধে এই দলটোকো আন দলৰ সৈতে ঐক্যবদ্ধ হ’বলৈ আহবান জনাইছিল৷
ইয়াৰ বিপৰীতে কালি অখিল গগৈয়ে এ আই ইউ ডি এফ দলৰ বাহিৰে আন সকলো দলকে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ আহবান জনাইছিল৷ তেওঁ এ আই ইউ ডি এফ দলক সাম্প্রদায়িক আখ্যা দি এই দল নাথাকিলে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ হোৱাৰ সম্ভাৱনীয়তাও প্রকাশ কৰিছিল৷ এই কথাতে ৰাইজৰ দলৰ মুখ্য উপদেষ্টা ড০ গোহাঁই অসন্তুষ্ট হোৱাৰ সন্দেহ কৰা হৈছে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা বার্তাত তেওঁ প্রকাশ কৰে যে অখিল গগৈয়ে লোৱা চূড়ান্ত সিদ্ধান্ত তেওঁৰ দীর্ঘদিনীয়া স্থিতিৰ বিৰুদ্ধে যোৱা বাবে তেওঁ ৰাইজৰ দলৰ মুখ্য উপদেষ্টা পদৰ পৰা পদত্যাগ কৰে৷
এতিয়াৰ পৰা তেওঁ দলটোৰ কোনো কাম বা সিদ্ধান্তৰ বাবে দায়বদ্ধ নহ’ব৷ প্রণিধানযোগ্য যে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱীজন দীর্ঘদিনৰ পৰা কৃষক নেতা অখিল গগৈৰ সৈতে আছিল৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা ৰাইজৰ দললৈ অখিল গগৈৰ সৈতে বিশিষ্ট বুদ্ধিজীৱীজনে বিভিন্ন পৰামর্শৰে সংগ দি আহিছিল৷ দলটোৰ আৰম্ভণিৰ পৰা লগত থকা বিশিষ্ট বুদ্ধিজীৱীজনে আজি দলটোৰ সংগ এৰাত এক বৃহৎ ক্ষতি হিচাপে চিহিুত হৈছে৷
Comments