প্ৰণৱজ্যোতি দত্ত,৪ মাৰ্চ:বঢ়মপুৰ সমষ্টিত চলিছে প্ৰফুল্ল কুমাৰ মহন্ত হাতাও অভিযান৷প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল মহন্তই বিগত কিছুদিন ধৰি অসুস্থতাত ভুগি সমষ্টিবাসী ৰাইজৰ কাষৰ পৰা আঁতৰি আছে।
ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিৰোধীয়ে।বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চুকে কোনে সোমাই পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰা৷বঢ়মপুৰ সমষ্টিত বহু পুৰণি কৰ্মীয়ে অগপ এৰি যোগদান কৰিছে কংগ্ৰেছ দলত৷বুধবাৰে প্ৰায় শতাধিক অগপ–বিজেপিৰ পুৰুষ.মহিলাই কংগ্ৰেছ দলত যোগদান কৰে৷
৩০ বছৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা কোনো উন্নয়ন লাভ নকৰাৰ অভিযোগ তুলি যোগদান কৰিছে কংগ্ৰেছ দলত৷উল্লেখ্যোগ্য যে, বিগত নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্তই মাত্ৰ পাঁচ হাজাৰ ভোটতহে জয়ী হৈছিল৷ দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা।
Comments