Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৪ মাৰ্চ:তাজমহলত বোমাৰ আতংক।উত্তৰপ্ৰদেশ আৰক্ষীয়ে তাজমহলত বোমা থকা বুলি লাভ কৰি এটা ভুৱা ফোনকল লাভ কৰিছিল।আৰক্ষীৰ হেল্পলাইন নম্বৰলৈ বোমাৰ এই ভুৱা খবৰ আহিছিল।
এই খবৰ পোৱাৰ মাত্ৰকে তাজমহলত থকা পৰ্যটকসকলক চৌহদৰ বাহিৰলৈ উলিয়াই দুখনকৈ গেট বন্ধ কৰি দিয়া হয়।নিৰাপত্তাবাহিনীয়ে তন্ন তন্নকৈ ঐতিহাসিক কীৰ্তিচিহ্নটো পৰীক্ষা কৰাৰ পাছত বোমা থকাৰ খবৰ ভুৱা বুলি নিশ্চিত হয়।
দিনৰ ১১বজাৰ পৰা তাজমহলৰ দুৱাৰ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়।আৰক্ষীৰ মতে,ভুৱা আতংক বিয়পোৱাৰ বাবেই ফিৰোজাবাদৰ এক ব্যক্তিৰ পৰা সেই ফোনটো আহিছিল।ইতিমধ্যে ব্যক্তিকজনক আটক কৰিছে আৰক্ষীয়ে।
Comments