গুৱাহাটী, ৭ মাৰ্চ: বিজেপিত যোগদান বলিউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ।সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত গেৰুৱা হ’ল মিথুন চক্ৰৱৰ্তী।৭০ বছৰীয়া অভিনেতা গৰাকীয়ে কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত বিজেপিত যোগদান কৰে ।কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এক ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ পূৰ্বেই অভিনেতা গৰাকীয়ে বিজেপিত যোগদান কৰে ।অভিনেতা গৰাকীৰ যোগদান কাৰ্যসূচীত পশ্চিমবংগ ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষ, ৰাজ্যিক প্ৰভাৰী কৈলাশ আদি বিষয়বৰ্গীয়াসকল উপস্থিত আছিল।উল্লেখযোগ্য যে,
বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত অভিনেতাজন উপস্থিত হোৱাৰ লগে লগে বিজেপি কৰ্মীসকলৰ মাজত উচ্ছাহৰ বন্যা বোৱা দেখা যায়।২০০৬ চনৰ ‘এমএলএ ফাটাকেষ্টু’ নামৰ চিনেমাখনৰ এটা জনপ্ৰিয় বেংগলী সংলাপেৰে উপস্থিত জনতাক তেওঁ আমোদ প্ৰদান কৰে।বিশেষকৈ ২০১৪ চনত তৃণমূল কংগ্ৰেছে অভিনেতাজনক সাংসদ হিচাপে ৰাজ্যসভালৈ প্ৰেৰণ কৰে যদিও স্বাস্থ্যজনিত কাৰণত ২০১৬ চনত সাংসদ পদ ত্যাগ কৰিছিল।শেহতীয়াকৈ মিথুন চক্ৰৱৰ্তী দলত যোগ দিয়াত ই এক নতুন মাত্ৰা লাভ কৰিছে।বংগৰ নিৰ্বাচনত তেওঁক বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব পাৰে বুলি চৰ্চাত আহিছে।
Comments