আহমেদাবাদ, ৬ মার্চ ঃ চৰম বেটিং ব্যর্থতাত ভুগি থকা ইংলেণ্ডে শেষ কৰাটো ব্যর্থ হ’ল৷ ভাৰতৰ বিৰুদ্ধে চাৰিখনীয়া টেষ্ট শৃংখলাৰ অন্তিম টেষ্টৰ তৃতীয় টেষ্টৰ তৃতীয় দিনাই এক ইনিংছ আৰু ২৫ ৰানত পৰাস্ত হৈ ছিৰিজ ৩-১ত হেৰুৱাবলৈ বাধ্য হয়৷ ভাৰতৰ প্রথম ইনিংছৰ ১৬০ ৰানৰ অগ্রগতিও তেওঁলোকে অতিক্রম কৰাত ব্যর্থ হয়৷ ৰবিচন্দ্রন আছৱিন আৰু অক্ষৰ পেটেলৰ ক্ষুৰধাৰ বলিঙৰ আগত তিষ্ঠিব নোৱাৰি দলটোৱে ৫৪.৫ অ’ভাৰত ১৩৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷
মাথোঁ চাৰিগৰাকী বেটছমেনেহে দহকৰ ঘৰ অতিক্রম কৰিবলৈ সক্ষম হোৱা দলটোৰ হৈ ডেনিয়েল লৰেন্সৰ বেটৰ পৰা আহে সর্বাধিক ৫০ ৰানৰ বৰঙনি৷ দলীয় স্ক’ৰ ৩০ ৰানতে দলটোৱে হেৰুৱাইছিল চাৰিটাকৈ উইকেট৷ প্রথম ইনিংছত ১৬০ ৰানত পিছপৰি ৰোৱাৰ পাছত দলটোক কোনো সময়তে প্রত্যাৱর্তন ঘটাব পাৰিব যেন লগা নাছিল৷ বেটিং সহায়ক নৰেন্দ্র মোদী ষ্টেডিয়ামত আজি তেওঁলোকৰ অসহায় অৱস্থাটো বেয়াকৈ প্রকট হৈ পৰিছিল৷ লৰেন্সৰ উপৰি একমাত্র অধিনায়ক জ’ ৰোটকহে (৩০) কিছু প্রতিৰোধ কৰা যেন অনুভৱ হ’ল৷
নির্দিষ্ট সময়ৰ মূৰে মূৰে তেওঁলোকে আছৱিন আৰু অক্ষৰৰ হাতত উইকেট উপহাৰ দিয়া যেনেই লাগিল৷ কিছু অলাগতিয়াল শ্বট খেলি দলটো ইনিংছ ব্যৱধানত পৰাজিত হ’বলৈ বাধ্য হয়৷ অথচ ভাৰত ভ্রমণৰ পূর্বে উপ-মহাদেশীয় শ্রীলংকাক তেওঁলোকে হৰুৱাইছিল ২-০ ব্যৱধানত৷ সেই ধাৰা অক্ষুণ্ণ ৰাখিছিল চেন্নাইৰ প্রথম টেষ্টলৈকে য’ত তেওঁলোকে বৃহৎ ব্যৱধানত পৰাজিত কৰিছিল বিৰাট কোহলী বাহিনীক৷ তাৰ পাছত যেন হঠাতে পট পৰিৱর্তন৷ ভাৰতীয় দলে সুন্দৰ প্রত্যাৱর্তনেৰে পাছৰ তিনিওখন টেষ্টতে ৰোট বাহিনীক কোনো সুযোগ নিদিলে আৰু এইদৰেই আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অর্জন কৰে৷
আছৱিন আৰু অক্ষৰে পাঁচটাকৈ উইকেট ভগাই লয়৷ খেলাখনত অক্ষৰে মুঠ নটা আৰু আছৱিনে আঠটা উইকেট দখল কৰে৷ ইয়াৰ আগেয়ে আগদিনাৰ ৭-২৯৪ ৰানৰ পৰা খেল আৰম্ভ কৰি ভাৰতে নিজৰ প্রথম ইনিংছত ৩৬৫ ৰান কৰে৷ কালিৰ ৬০ ৰানত অবিজিত হৈ ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলে অপঃ (১১) আজি ইনিংছ আৰম্ভ কৰি অষ্টম উইকেটত ১২৬ কৰি দলক সুন্দৰ স্থিতিলৈ আগুৱাই আনে৷
অক্ষৰে ৪৩ ৰানত অবাঞ্ছিতভাৱে ৰান আউট হোৱাৰ পাছতে ভাৰতৰ ইনিংছ চমু চাপি আহে৷ অক্ষৰ আউট হোৱাৰ পাছত ক্রিজলৈ অহা ঈশান্ত শর্মা আৰু মহম্মদ ছিৰাজে কোনো ৰান নকৰাকৈ পেভিলিয়নলৈ ওভতাত সুন্দৰ ৯৬ ৰানত অবিজিত হৈ ৰ’বলগীয়া হয়৷ চতুর্থ টেষ্টত অৱতীর্ণ হোৱা সুন্দৰৰ এয়া হ’ল কেৰিয়াৰৰ তৃতীয়টো অর্ধশতৰান৷ এই শৃংখলা দখলেৰে অধিনায়ক হিচাপে গৃহভূমিত টেষ্ট ছিৰিজত জয় লাভ কৰাৰ ধাৰা অব্যাহত ৰখিবলৈ সক্ষম হয় কোহলীয়ে৷
Comments