Choose Language

  • All  
  • English
  • অসমীয়া

কাৰাগাৰৰ পৰাই নিৰ্বাচন:আজি শিৱসাগৰ,মৰিয়নীত দাখিল কৰিব অখিল গগৈৰ মনোনয়ন পত্ৰ 


Published on March 8, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

বিপৰীত মেৰুত অখিল-লুৰীণৰ স্থিতি


Published on March 4, 2021|News Source : জনমভূমি

নাহৰকটীয়াক্তঃ  নিজা সংবাদদাতা, ৩ মার্চক্তঃ বিপৰীত মেৰুত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ স্থিতি৷ ৰাইজৰ দলে কংগ্রেছৰ লগত বুজাপৰা কৰিব বিচৰাৰ পৰিৱর্তে এজেপি-এ নিবিচাৰে কংগ্রেছৰে মিত্রতা৷ অখিল গগৈয়ে আজি বিৰোধী দলসমূহলৈ প্রেৰণ কৰিছিল এখন মুকলি চিঠি, য’ত তেওঁ বিজেপিক ৰোধৰ বাবে এ আই ইউ ডিএফক বাদ দি কংগ্রেছকে ধৰি এজেপি, ৰাইজৰ দল সকলোকে একজোঁট হৈ প্রতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনাইছিল৷

কিন্তু অখিল গগৈৰ এই আহ্বান নস্যাৎ কৰিলে স্বয়ং ৰাইজৰ দলৰ  সহযোগী এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ আজি নাহৰকটীয়াত সাংবাদিকৰ সৈতে হোৱা এক বার্তালাপত গগৈয়ে এজেপিয়ে কেতিয়াও এ আই ইউ ডি এফ আৰু আৰু কংগ্রেছৰ সৈতে একলগ নহয় বুলি নিশ্চিত কৰে৷ সাংবাদিকে এই ক্ষেত্রত অখিল গগৈৰ বক্তব্য উল্লেখ কৰাত তেওঁ সেয়া ৰাইজৰ দলৰ নিজ ধাৰণা বুলি মন্তব্য কৰি এজেপিৰ কংগ্রেছৰ সৈতে কেতিয়াও মিত্রতা নহয় বুলি স্পষ্ট কৰি দিয়ে৷

একেদিনাই দুটাকৈ সহযোগী দলৰ দুজন শীর্ষ নেতাই পৰস্পৰ বিৰোধী মন্তব্য কৰাত এতিয়া দলকেইটাৰ মিত্রতা কোন দিশে গতি কৰিব সেয়া লক্ষণীয় হৈ পৰিছে৷ আনহাতে, গগৈয়ে অন্য এক প্রসংগত প্রথম পর্যায়ৰ ৪৭খন আসনৰ নির্বাচনৰ বাবে ইতিমধ্যেই দলে প্রার্থী চূড়ান্ত কৰাৰ কথা প্রকাশ কৰাৰ লগতে আগন্তুক দুদিনৰ ভিতৰত এই প্রার্থীসকলৰ নাম আৰু তেওঁ নিজেও কোন সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব সেয়া ৰাজহুৱা কৰিব বুলি ঘোষণা কৰে৷

 

ৰাইজৰ দলৰ ১৭টা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ঘোষণা:অখিল গগৈয়ে দুটা সমষ্টিৰ পৰা  প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা


Published on March 6, 2021|News Source : প্ৰণৱজ্যোতি দত্ত, জনমভূমি

গুৱাহাটী, ৬ মাৰ্চঃ ৰাইজৰ দলৰ তৰফৰ পৰা  ১৭টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৮টা সমষ্টিত  ৰাইজৰ দলে প্ৰাৰ্থিত্ব আগবঢ়াব।প্ৰথম পৰ্য্যায়ত ৪৭ টা সমষ্টিৰ মাত্ৰ ১২ টা আৰু দ্বিতীয় পৰ্য্যায়ত ৩৯ টা সমষ্টিৰ মাত্ৰ ৬ টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে।

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ বাবে প্ৰস্তুত হৈছে ৰাইজৰ দল। আজি এক সংবাদমেলযোগে ১৭টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই।তিনিটা সমষ্টিত জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটাৰে প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা।পিছৰ পৰ্যায়ত আৰু এটা সমষ্টিৰ নাম ঘোষণা কৰিব ৰাইজৰ দলে।অখিল গগৈয়ে শিৱসাগৰৰ লগতে মৰিয়নিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।


১৭টা সমষ্টিৰ বাবে  কোনে ক’ত পালে প্ৰাৰ্থিত্ব:-


১)শিৱসাগৰত অখিল গগৈ

২))ৰহাত ৰুবুল দাস,

৩)কমলপুৰত জিতুল ডেকা,

৪)ৰঙিয়াত হৰেশ্বৰ বৰ্মন,

৫) যমুনামুখত দিলোৱাৰ বেগম চৌধুৰী

৬) জোনাইত ফনী টায়েং

৭) চাবুৱাত দ্বিবনজ্যোতি ফুকন

৮) টীয়কত কবিন্দ্ৰ চেতিয়া ফুকন

৯)উত্তৰ কৰিমগঞ্জত চাহাদুল ইছলাম চৌধুৰী

১০)বোকাখাটত জীৱন বৰুৱা

১১)মাহমৰাত লোহিত গগৈ

১২)বিহপুৰীয়া অনুপ শইকীয়া

১৩)মৰাণ মোহিনী মোহন লিগিৰা

১৪)তেজপুৰ অলক নাথ

১৫)দলগাও উমৰ আলি

১৬)ৰপহীহাট নজৰুল ইছলাম

১৭)ধিং মেহবোব মুক্তাব   

Cartoon
View Older

 

April 10, 2021




From Our Archive

Create Account