Classifieds
View All
পাটিয়ালা, ৫ মার্চ ঃ টকিঅ’গামী জেভেলিন থ্র’ৱাৰ নীৰজ চোপ্রাই তৃতীয় ইণ্ডিয়ান গ্রাঁ-প্রি মীটত শুকুৰবাৰে ৮৮.০৭ মিটাৰ দলিয়াই নিজৰেই ৰাষ্ট্রীয় ৰেকর্ড ভংগ কৰে৷ মহামাৰী কৰ’না ভাইৰাছৰ বাবে এবছৰৰ অধিক বিৰতিত প্রতিযোগিতাত প্রথমবাৰলৈ অৱতীর্ণ হোৱা নীৰজে পঞ্চম প্রয়াসত ৮৮.০৭ মিটাৰ নিক্ষেপ কৰি নিজৰেই পূর্বৰ ৮৮.০৬ মিটাৰ ৰাষ্ট্রীয় ৰেকর্ড ম্লান কৰে৷
Comments